October 18, 2025 12:32 PM

views 22

আলফা স্বাধীনৰ কাকপথাৰ সেনা চাউনীত আক্ৰমণৰ ফলত ৩ জন সেনাবাহিনীৰ জোৱান আহত

নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ এটা গোটে বৃহস্পতিবাৰৰ মাজনিশা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এক নম্বৰ চেলেংগুৰীত থকা সেনা চাউনীত আক্ৰমণৰ ফলত তিনিজন সেনাবাহিনীৰ জোৱান আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে সেইদিনা নিশা প্রায় ১২ বাজি ৪০ মিনিটত আলফা স্বাধীনৰ কেইজনমান সদস্যই এখন ট্রাকত আহি নাইনটিন গ্রেনেডিয়াৰছ ৰেজিমেণ্টৰ সেনা চাউনীলৈ লক্ষ্য কৰি নির্বিচাৰ গুলীবর্ষণ কৰে। প্ৰত্যুত্তৰত সেনায়ো চাৰিটা ৰকেট প্রপেলড গ্রেনেডেৰে আক্ৰমণ কৰে। প্রায় আধাঘণ্টা ধৰি চলা সেনা আৰু আলফাৰ মাজৰ সংঘৰ্ষই কাকপথাৰবাসীৰ ...

June 6, 2025 12:29 PM

views 12

অসমৰ চাহৰ ইতিহাস অধ্যয়নৰ বাবে জাপানৰ মহিলা গৱেষকৰ দল তিনিচুকীয়াত উপস্থিত

অসমৰ ২০০ বছৰীয়া চাহৰ ইতিহাস অধ্যয়নৰ বাবে জাপানৰ ৭ গৰাকী মহিলা গৱেষকৰ এটা দল তিনিচুকীয়া জিলাৰ লিডুৰ ঐতিহাসিক বিছা গাঁৱত উপস্থিত হৈছে। দলটোৱে অসমৰ চাহ শিল্পৰ আদিভূমি বিছা গাঁৱত উপস্থিত হৈ বিছাৰজাৰ বাসগৃহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ২০০ বছৰৰ পূৰ্বে লিডু বিছা গাঁৱৰ ছিংফ' ৰজা বিছাগামৰ সৌজন্যত স্কটিছ উদ্যোগী ৰবাৰ্ট ক্ৰছে অসমত চাহৰ সন্ধান পাইছিল। অসমৰ চাহৰ আদিভূমি এই ঠাই পৰিভ্ৰমণ কৰিবলৈ অহা জাপানী গৱেষকৰ দলটো অসম চাহ পৰ্যটন উদ্যোগৰ প্ৰচাৰত ড° প্ৰদীপ বৰুৱাই সহযোগ কৰে। গৱেষকসকলে জনগোষ্ঠীটোৱে ২০০ বছৰৰ...

February 24, 2025 12:59 PM

views 33

তিনিচুকীয়াত মটক জনগোষ্ঠী লোকসকলৰ কালিৰেপৰা নৰাছিঙা গৰখীয়া ভোজৰ আয়োজন

তিনিচুকীয়া জিলাৰ জানমুখত মটক জনগোষ্ঠী লোকসকলে কালিৰেপৰা নৰাছিঙা বিহু নাইবা নৰাছিঙা গৰখীয়া ভোজৰ আয়োজন কৰিছে। কৃষি ভিত্তিক এই উৎসৱ প্ৰধানকৈ গৰখীয়া সমাজখনক কেন্দ্ৰ কৰি পালন কৰা হয়। উজনি অসমৰ মটক জনগোষ্ঠী বসতিপ্রধান গাঁওসমূহত এই বিহু পালন কৰা হয় যদিও জানমুখত কেইবা শতিকা ধৰি এই বিহু পালন কৰা হয় আহিছে বুলি অঞ্চলটোৰ জনসাধাৰণে প্ৰকাশ কৰে।

October 24, 2024 1:11 PM

views 13

কালিৰে পৰা দুদিনীয়াকৈ বিশ্ব হলৌ দিৱসৰ আয়োজন

অসম চৰকাৰৰ সৌজন্যত তথা বাৰেকুৰিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত কালিৰে পৰা দুদিনীয়াকৈ বিশ্ব হলৌ দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱস উপলক্ষে আজিও তিনিচুকীয়া জিলাৰ বাৰেকুৰিত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। দিৱসৰ সৈতে সংগতি ৰাখি কালি বিভিন্ন নৃত্য-গীত, কুইজ, চিত্রাংকন, শ্ল'গান লিখন আদি প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে পৰিৱেশ, হলৌ বান্দৰ সংৰক্ষণ আৰু বাৰেকুৰিত গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনা শীৰ্ষক আলোচনাচক্র অনুষ্ঠিত হয়। উল্লেখযোগ্য যে পৰ্যটনৰ ক্ষেত্ৰ হিচাপে বাৰেকুৰি হলৌ বান্দৰৰ বাবে প্ৰখ্যাত হৈ পৰিছে।