September 18, 2024 7:07 PM September 18, 2024 7:07 PM

views 7

বাঘৰ উপদ্ৰৱ ৰোধৰ বাবে অত্যাধুনিক পাৱাৰ ফেন্সিং দিয়া হ’ব : মন্ত্ৰী কেশৱ মহন্ত

নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰি কামাখ্যা অঞ্চলত বাঘৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে অত্যাধুনিক পাৱাৰ ফেন্সিং দিয়া হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। কামাখ্যা গাঁও হৰিমন্দিৰ প্ৰাংগনত বাঘৰ উপদ্ৰৱ সন্দৰ্ভত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে বাঘৰ উপদ্ৰৱৰ পৰা ক্ষতিগ্ৰস্ত ৰাইজক আৰ্থিক সকাহ দিয়াৰ বাবে WWFৰ তৰফৰ পৰা ক্ষতিগ্ৰস্ত ৰাইজক প্ৰথম পৰ্যায়ৰ বাবে আর্থিক সাহায্য প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী সময়তো ৰাইজক সকাহ দিবলৈ ব্যৱস্থা লোৱা হৈছে। তদ...