December 15, 2025 1:42 PM

views 28

চলিত বৰ্ষত অসমত ১২টা বাঘৰ মৃত্যু

চলিত বৰ্ষত অসমত ১২টা বাঘৰ মৃত্যু হোৱা বুলি ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে তথ্য প্ৰকাশ কৰিছে। যোৱা ১২ ডিচেম্বৰ পৰ্যন্ত দিয়া তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৭টা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান এটা বাঘৰ মৃত্যু হৈছে। তদুপৰি ৰাজ্যৰ অন্যান্য স্থানত কেইবাটাও বাঘ মানুহে হত্যা কৰিছে। বাঘৰ মৃত্যুৰ কাৰণ হিচাপে বিভিন্ন ৰোগ, মানুহ আৰু বন্যজন্তুৰ সংঘাত আদিৰ কথা প্ৰাধিকৰণে উল্লেখ কৰিছে। প্ৰাধিকৰণৰ তথ্য অনুসৰি চলিত বৰ্ষত দেশত মুঠ ১২৬টা বাঘৰ মৃত্যু হৈছে। যোৱা বছৰৰ তুলনাত দেশত এইবাৰ ৩১টা অধিক বাঘৰ মৃত্য...