August 29, 2024 1:26 PM

views 32

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ আক্ৰমণত পহৰাৰত বনৰক্ষী নিহত

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কালি বাঘৰ আক্ৰমণত এজন পহৰাৰত বনৰক্ষীয়ে প্ৰাণ হেৰুৱায়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বিলপাৰ এলেকাত নিয়মীয়া তহলৰ সময়ত ধনমণি ডেকা নামৰ কৰ্তব্যৰত গৃহৰক্ষী জোৱানজনক অকস্মাৎ অৰণ্যৰ পৰা ওলাই অহা ঢেকীয়াপতিয়া বাঘ এটাই জংঘলৰ মাজলৈ টানি লৈ যায়। বিয়লি প্ৰায় চাৰে ৫ বজাত সংঘটিত এই আকস্মিক ঘটনাটোক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা চাঞ্চল্যকৰ পৰিস্থিতিৰ মাজতে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনৰক্ষীসকলৰ লগতে উদ্যান কর্তৃপক্ষই জোৱানজনৰ সন্ধানত অভিযান আৰম্ভ কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীৰ পৰা প্ৰায় ৩ কিলো...