September 10, 2024 9:24 PM September 10, 2024 9:24 PM
4
ৰাজ্যৰ ১৪গৰাকী অভিভাৱক মন্ত্ৰীৰ দায়িত্বৰ সালসলনি
ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই ৰাজ্যখনৰ ১৪ গৰাকী মন্ত্ৰীৰ বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বৰ সালসলনি কৰিছে। এই অনুসৰি ৰণজিৎ কুমাৰ দাসক কৰিমগঞ্জ, ধুবুৰী আৰু বঙাইগাঁও, অতুল বৰাক কামৰূপ মহানগৰ আৰু নলবাৰী, উৰ্খাও গৌৰা ব্ৰহ্মক কোকৰাঝাৰ আৰু চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। একেদৰে অশোক সিংঘলক গোৱালপাৰা আৰু বিশ্বনাথ, কেশৱ মহন্তক মৰিগাঁও, দৰং আৰু দক্ষিণ শালমাৰা, অজন্তা নেওগক যোৰহাট আৰু নগাঁও, চন্দ্ৰমোহন পাটোৱাৰীক কামৰূপ, বৰপেটা আৰু বজালী জিলাৰ দায়িত্ব দিয়া হৈছে। ইপিনে মন্ত্ৰ...