November 11, 2024 8:38 PM

views 43

গোৱাত অহা ২০ নৱেম্বৰৰ পৰা ৫৫সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

গোৱাত অহা ২০ নৱেম্বৰৰ পৰা ৫৫সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। আজি নতুন দিল্লীত এই উপলক্ষে আয়োজিত সংবাদমেলত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগানে কয়, যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্যতম বৃহৎ চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতি দেশৰ লগতে বিশ্বৰ বিভিন্ন প্রান্ত চলচ্চিত্ৰ নিৰ্মাতা আৰু দৰ্শকৰ বিপুল সঁহাৰি পৰিলক্ষিত হৈছে। আজিৰ সংবাদমেলত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ সচিব সঞ্জয় ৰাজুৱে কয়, যে যুৱ চলচ্চিত্র নির্মাতা- ভৱিষ্যত সমাগত শীর্ষক বিষয়েৰে আয়োজন কৰা এইবা...