July 30, 2024 8:41 PM

views 13

কেৰালাৰ ৱায়নাড জিলাত হোৱা ভূমিস্খলনত নিহত লোকৰ সংখ্যা ৯৩লৈ বৃদ্ধি

কেৰালাৰ ৱায়নাড জিলাত হোৱা ভূমিস্খলনৰ ঘটনাত নিহত লোকৰ সংখ্যা ৯৩ লৈ বৃদ্ধি পাইছে। এই ঘটনাত আহত ১২৮ জন লোকক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জিলাখনৰ ভূমিস্খলন প্রভাৱিত এলেকাসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। স্থলসেনা বাহিনী আৰু নৌসেনা বাহিনীৰ লোকে উদ্ধাৰ অভিযানত সহায় কৰিছে আৰু মুন্দাক্কয়ম এলেকাৰ পৰা প্ৰায় ১৫০ জন লোকক উদ্ধাৰ কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে কৈছে যে, অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে সম্ভাৱ্য সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে,...