November 21, 2025 8:02 PM

views 17

কাইলৈ দাখিল কৰা হ’ব অসম চুক্তিৰ দফা ৰূপায়ণ উপ-সমিতিৰ চূড়ান্ত প্রতিবেদন

অসম চুক্তিৰ দফা ৰূপায়ণ উপ-সমিতিৰ চূড়ান্ত প্রতিবেদন কাইলৈ মুখ্যমন্ত্ৰীক দাখিল কৰিবলৈ সাজু কৰা হৈছে। অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি মন্ত্ৰীগৰাকীয়ে আজি জনতা ভৱনৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ উচ্চ পদস্থ বিষয়াসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকতে কাইলৈ দাখিল কৰিবলগীয়া প্ৰতিবেদনৰ সৈতে জড়িত বিভিন্ন বিষয় আৰু বিভাগীয় অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত পর্যালোচনা কৰা হয় । উল্লেখ যোগ্য যে, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চ...