August 22, 2025 1:01 PM
14
বক্সিং ফেডাৰেচন অব্ ইণ্ডিয়াৰ অধ্যক্ষ পদত অজয় সিং নির্বাচিত
বক্সিং ফেডাৰেচন অব্ ইণ্ডিয়াই ইয়াৰ অধ্যক্ষ পদত অজয় সিং নির্বাচিত হোৱাৰ পিছত বিভিন্ন পদৰ বাবে অনুষ্ঠিত ভোটগ্রহণ প্ৰক্ৰিয়াৰ সামৰণি পেলাইছে। একপক্ষীয় এই ভোট যুদ্ধত শ্রীসিঙে বিৰোধী যশপাল প্রধানে লাভ কৰা ২৬টা ভোটৰ বিপৰীতে ৪০টা ভোট লাভ কৰে। এই নিৰ্বাচনত অংশগ্ৰহণ কৰা ৩৪টা ৰাজ্যিক সংস্থাৰ পৰা ৬৬টা ভোট লাভ কৰা হয়। ৰাজ্যিক সংস্থাসমূহে সচিব প্ৰধান, কোষাধ্যক্ষ আৰু উপাধ্যক্ষ নির্বাচনতো অংশগ্রহণ কৰে। উত্তৰ প্ৰদেশৰ প্ৰমোদ কুমাৰে সচিব প্ৰধান হিচাপে আৰু কোষাধ্যক্ষ পদত পন বাস্কাৰণে বিজয় সাব্যস্ত কৰে ।