October 19, 2024 7:04 PM

views 20

মেক্সিকোত আজিৰে পৰা আৰ্চাৰী বিশ্বকাপ ফাইনেল-২০২৪

আৰ্চাৰী বিশ্বকাপ ফাইনেল-২০২৪ আজিৰে পৰা মেক্সিকোত আৰম্ভ হ'ব। এছিয়ান গেমছত সোণৰ পদক বিজেতা ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নাম, অলিম্পিক খেলুৱৈ দীপিকা কুমাৰী আৰু ধীৰজ বম্মাদেৱাৰা, প্ৰিয়ান্স আৰু প্ৰথমেশ ফুগেই এই প্রতিযোগিতাত অংশগ্ৰহণ কৰে। পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড শাখাৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি আজি নিশা ৯.৩০ বজাত আৰম্ভ হ'ব। এই প্ৰতিযোগিতাত মুঠ ৩২ গৰাকী ধনুৰ্বিদে অংশগ্ৰহণ কৰিব। বিভিন্ন শিতানসমূহ হ'ল ৰিকাৰ্ভ পুৰুষ আৰু মহিলা তথা কম্পাউণ্ড পুৰুষ আৰু মহিলা। প্রত্যেক শিতানত ৮গৰাকীকৈ ধনুৰ্বিদে অংশগ্রহণ কৰিব...