November 28, 2024 11:52 AM

views 13

নতুন দিল্লীত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত বিষয়ভিত্তিক উপস্থাপনত অসমৰ ব্ৰঞ্জৰ পদক লাভ

নতুন দিল্লীত অনুষ্ঠিত ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা চমুকৈ আই আই টি এফ ২০২৪ত বিষয়ভিত্তিক উপস্থাপনত অসমে প্ৰদৰ্শনৰ উৎকৃষ্টতাৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছে। এই মেলাত অসম পেভিলিয়নে হস্তশিল্প, কৃষি, বস্ত্ৰ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ সামগ্ৰীৰ জৰিয়তে ৰাজহ সৃষ্টি আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্রেতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সামৰ্থ হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সাফল্যৰ সৈতে জড়িতসকলক কালি সামাজিক মাধ্যম যোগে অভিনন্দন জ্ঞাপন কৰে।