April 29, 2024 8:19 PM

views 21

নপামৰ মাধৱদেৱ শিশু নিকেতনত তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ সর্বাত্মক আইনী সজাগতা অনুষ্ঠান

অধিকাৰ আৰু দায়বদ্ধতা সন্দৰ্ভত স্কুলীয়া শিক্ষাৰ্থীৰ সবলীকৰণ কৰাৰ লক্ষ্যৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন বিভাগে যোৱা শুকুৰবাৰে নপামস্থিত মাধৱদেৱ শিশু নিকেতন বিদ্যালয়ত এটা সর্বাত্মক আইনী সজাগতা অনুষ্ঠানৰ আয়োজন কৰে। নাৰ্চাৰীৰ পৰা দশম শ্রেণীলৈ দুই শতাধিক শিক্ষার্থীয়ে এই দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ এল এল এম বিভাগৰ দ্বিতীয় আৰু চতুৰ্থ ষান্মাসিকৰ শিক্ষাৰ্থীসকলে বাটৰ নাট পৰিৱেশন কৰে। শিশুৰ যৌন নির্যাতন, শিশু শ্রমিক আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ বিষয়ত বাটৰ নাট পৰিৱেশন কৰা...