August 23, 2025 7:02 PM August 23, 2025 7:02 PM
7
তেজপুৰ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগৰ শিক্ষক দিৱসৰ প্ৰস্তুতি
ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগে অহা ৫ ছেপ্তেম্বৰত ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত শিক্ষক দিৱসৰ প্ৰস্তুতি চলাইছে। এই সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে যোৱানিশা দুয়োটা বিভাগৰে শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰি পৰিকল্পনা প্রস্তুত কৰে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে মনোনীত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নাম অহা ৩ ছেপ্তেম্বৰত ঘোষণা কৰা হ'ব। এই বছৰ ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ, নাকৰ দ্বাৰা এ প্লাছ আৰ...