June 15, 2025 1:42 PM

views 27

তেজপুৰ পৌৰ সভাৰ অধীনত  বোকা পৰিশোধন প্রকল্প মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ দ্বাৰা উদ্বোধন

স্বচ্ছ ভাৰত অভিযান নগৰৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আজি তেজপুৰ পৌৰ সভাৰ অধীনত 10 KLD মল, বোকা পৰিশোধন প্রকল্প উদ্বোধন কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী জয়ন্ত মল্লবৰুৱাই এই প্ৰকল্পটো উদ্বোধন কৰে। এই প্ৰকল্পটোৰ জৰিয়তে পেলনীয়া গেদ, বোকা আদি সামগ্রী নিৰাপদে পৰিশোধন কৰি পানীৰ উৎস আৰু জনস্বাস্থ্য সুৰক্ষিত কৰাটো নিশ্চিত কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে সমীপৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা প্রকল্পটো পৰিদৰ্শন কৰে।