July 1, 2024 8:56 PM

views 17

তেজপুৰত ৰাজ্যৰ কেইবাখনো জিলাৰ বাণিজ্য আৰু ব্যৱসায়িক সংস্থাসমূহৰ সৈতে মন্ত্ৰী অশোক সিংহল আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাৰ্তালাপ

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু বিত্তমন্ত্ৰী অজন্তা নেওগক লৈ গঠিত কেবিনেট সমিতিয়ে আজি তেজপুৰ অভিৱৰ্তন কেন্দ্ৰত সামগ্রী আৰু সেৱাকৰ বিষয়ত মধ্য অসমৰ কেইবাখনো জিলাৰ বাণিজ্য আৰু ব্যৱসায়িক সংস্থাসমূহৰ সৈতে বাৰ্তালাপত অংশগ্ৰহণ কৰে। ৰাজ্যৰ কেইবাটাও স্থানত অনুষ্ঠিত হ'বলগীয়া আঞ্চলিক পৰামৰ্শমূলক আলোচনাৰ এইখন তৃতীয়খন বৈঠক। অনুষ্ঠানত বাণিজ্য সংস্থাসমূহৰ প্ৰতিনিধিসকলে জি এছ টিৰ অধীনত প্ৰদান কৰা জাননী সন্দৰ্ভত তেওঁলোকে সন্মুখীন হোৱা বি...