July 18, 2024 12:30 PM

views 23

তেজপুৰৰ শালনিবাৰী বিমানবন্দৰ অহা ১ অক্টোবৰৰ পৰা ২০২৬ চনৰ ৩১ মার্চলৈ বন্ধ

বায়ুসেনাৰ ঘাটিৰে সংলগ্ন ৰানৱে উন্নীতকৰণৰ বাবে তেজপুৰৰ শালনিবাৰী বিমানবন্দৰ পহিলা অক্টোবৰৰ পৰা ডেৰ বছৰলৈ বন্ধ থাকিব। তেজপুৰ বিমানবন্দৰ প্ৰাধিকৰণে প্ৰকাশ কৰা অনুসৰি বিমানবন্দৰৰ পৰা যাত্রীবাহী বিমানৰ চলাচল অহা ১ অক্টোবৰৰ পৰা ২০২৬ চনৰ ৩১ মার্চ পর্যন্ত বন্ধ থাকিব।