August 11, 2025 12:06 PM

views 14

তেজপুৰ ভাওনা সমাৰোহ ২০২৫ৰ সামৰণি

● যোৱা ৩ আগষ্টৰ পৰা অনুষ্ঠিত তেজপুৰ ভাওনা সমাৰোহ ২০২৫ৰ কালি সামৰণি পৰে। সামৰণিৰ দিনা কালি বিশেষ ধর্মালোচনা সভা অনুষ্ঠিত হয়। জামুগুৰিহাটৰ চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱদেৱ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত বৰালীমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ শোভন মহন্তই কয়, যে গুৰুজনাই সত্ৰ নামঘৰ পৰিচালনাৰ লগতে শৰন-ভজনৰো ব্যৱস্থা কৰিছিল। ধৰ্মান্তকৰণ সন্দৰ্ভত ডেকা সত্ৰাধিকাৰগৰাকীয়ে কয়, যে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজখনত বিভাজনৰ পৰিৱৰ্তে জাত-পাত, অস্পৃশ্যতা আদি পৰিহাৰ কৰা উচিত। এই সভাতে তেজপুৰৰ লগতে দাঁতিকাষৰীয...

June 23, 2025 6:02 PM

views 14

আন্তর্জাতিক অলিম্পিক দিৱস উপলক্ষে তেজপুৰৰ প’ল’ ফিল্ডত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন

আন্তর্জাতিক অলিম্পিক দিৱস উপলক্ষে তেজপুৰৰ প’ল' ফিল্ডত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় জলপথ আৰু জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অলিম্পিক শিখা প্রজ্বলন কৰে। এই কাৰ্যসূচীত ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোৰ্ছা, দৌৰবিদ হিমা দাস, লোকসভাৰ সাংসদ ৰঞ্জিত দত্ত, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ তথা সভাপতি লৰেঞ্চ ইছলাৰী, স্থানীয় বিধায়ক পৃথ্বিৰাজ ৰাভা উপস্থিত থাকে। কার্যসূচীত জিলাখনৰ ভালেসংখ্যক ক্রীড়াপ্রেমী, খেলুৱৈ, শিক্ষার্থী তথা স্থানীয় লোকো ...

March 28, 2025 6:30 PM

views 15

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বালিকা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বালিকা মহাবিদ্যালয়ত আজি ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বালিকা মহাবিদ্যালয়খনৰ লগতে তেজপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুশৰো অধিক শিক্ষার্থীয়ে অংশ গ্রহণ কৰে ৷ অসমৰ ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত দেশৰ অখণ্ডতা আৰু সার্বভৌমত্ব ৰক্ষাত দেশৰ সেনা বাহিনীয়ে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ ওপৰত আলোকপাত কৰা হয়। এই কাৰ্যসূচীত সেনা বাহিনীৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।

February 10, 2025 1:37 PM

views 31

তেজপুৰৰ শতবৰ্ষ গৰকা সামাজিক অনুষ্ঠান অসমীয়া ক্লাবৰ ঐতিহ্য পদযাত্রা শীর্ষক কাৰ্যসূচী

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি বিজাড়িত তেজপুৰৰ শতবৰ্ষ গৰকা সামাজিক অনুষ্ঠান অসমীয়া ক্লাবে ঐতিহ্য পদযাত্রা শীর্ষক এটা কাৰ্যসূচী গ্ৰহণ কৰে। শিক্ষাৰ্থীক লৈ ঐতিহাসিক স্থান পর্যবেক্ষণৰ উদ্দেশ্যে গ্ৰহণ কৰা এই কাৰ্যসূচী বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থই কালি শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত সভাত বিধায়ক ৰাভাই কয়, যে ঐতিহ্য প্রীতিয়ে একোগৰাকী শিক্ষাৰ্থীৰ প্ৰকৃত জ্ঞান লাভৰ পথ প্রশস্ত কৰে। তেওঁ তেজপুৰ চহৰৰ ইতিহাস সম্পর্কে কৌতুহলী ...

December 24, 2024 1:32 PM

views 21

৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি তেজপুৰ সাহিত্য উৎসৱ-২০২৪ আৰম্ভ

শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰবাসীৰ সহযোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি তেজপুৰ সাহিত্য উৎসৱ-২০২৪ আৰম্ভ হৈছে। ৰাজ্যৰ সাহিত্য জগতৰ কবি-সাহিত্যিকৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ সাহিত্যিক, কলা-সাহিত্য অনুৰাগীৰ সমাৱেশেৰে ‘পৰিধি অতিক্ৰমী আকৌ এবাৰ' শীৰ্ষক বিষয়বস্তুৰে এই সাহিত্য উৎসৱ অনুষ্ঠিত হ'ব। আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অৱসৰপ্ৰাপ্ত লেফটেণেণ্ট জেনেৰেল তথা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ ৰাণা প্ৰতাপ কলিতাই অংশগ্রহণ কৰিব। আনহাতে, সাহিত্য উৎসৱৰ দ্বিতীয় দিনা কাইলৈ হ'বলগীয়া...

December 18, 2024 8:25 PM

views 19

ডº গোমা দেৱী শৰ্মালৈ দেৱক’টা লু শুন প্রজ্ঞা আন্তঃৰাষ্ট্ৰীয় বঁটা

তেজপুৰ বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক ডº গোমা দেৱী শৰ্মাই দেৱক'টা লু শুন প্রজ্ঞা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। নেপালী সাহিত্য আৰু অনুবাদৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নেপালৰ দেৱক'টা লু শুন প্রজ্ঞা একাডেমীয়ে অধ্যাপকগৰাকীলৈ এই বঁটা আগবঢ়াইছে। ডº শৰ্মাৰ মননশীল লিখনিয়ে শৈক্ষিক সমাজত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে।

October 5, 2024 9:57 AM

views 15

তেজপুৰ সাহিত্য উৎসৱ-২০২৪ক জয়পুৰ সাহিত্য উৎসৱৰ দৰে প্ৰতিষ্ঠা কৰিবলৈ সিদ্ধান্ত

তেজপুৰ সাহিত্য উৎসৱ আয়োজক সমিতিয়ে অহা ২৪ৰ পৰা ২৬ ডিচেম্বৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া তেজপুৰ সাহিত্য উৎসৱ-২০২৪ক জয়পুৰ সাহিত্য উৎসৱৰ দৰে প্ৰতিষ্ঠা কৰিবলৈ সিদ্ধান্ত লৈছে। বৃহত্তৰ তেজপুৰৰ সকলো শ্ৰেণীৰ ৰাইজক জড়িত কৰি সাহিত্য উৎসৱ অনুষ্ঠিত কৰাৰ লগতে শিক্ষাৰ্থীসকলকো সাহিত্য উৎসৱৰ কাৰ্যসূচীত জড়িত কৰোৱা হ'ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইগৰাকী লেখক, সাহিত্যিক, উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ জনপ্ৰিয় লেখক, সাহিত্যিকৰ লগতে অসমৰ বিশিষ্ট লেখক, সাহিত্যিকৰ অংশগ্রহণেৰে এই উৎসৱ অন...

October 1, 2024 6:53 PM

views 30

কলিয়াভোমোৰা পৰ্যটনক্ষেত্ৰ পৰ্যটকৰ বাবে মুকলি

তেজপুৰত আজি কলিয়াভোমোৰা পৰ্যটনক্ষেত্ৰ পৰ্যটকৰ বাবে মুকলি কৰা হয়। প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু বুঢ়া লুইতৰ মনোমোহা দৃশ্যৰ লগতে ৰিভাৰ ডলফিন বা শিহু দেখা পোৱা এই স্থানে পৰ্যটকক আকৰ্ষণ কৰি আহিছে। কলিয়াভোমোৰা দলঙৰ তলত আজি এই পর্যটনক্ষেত্ৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই উদ্বোধন কৰে। এই স্থানত নৈসর্গিক দৃশ্য উপভোগ কৰাৰ লগতে ঐতিহাসিক তথা গৱেষণাৰ সমলো পোৱা যাব। সপ্তাহৰ আটাইকেইটা দিনতেই পৰ্যটকৰ বাবে এই পর্যটনক্ষেত্র খোলা থাকিব।

June 28, 2024 12:39 PM

views 15

তেজপুৰত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস পালন

তেজপুৰত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস পালন কৰা হয়। এই উপলক্ষে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰমাণ স্পষ্টঃ প্ৰতিৰোধৰ বাবে হাত আগবঢ়াওক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত দেশৰ আগশাৰীৰ কেইবাগৰাকীও মনোৰোগ বিশেষজ্ঞ উপস্থিত থাকে।