November 10, 2025 1:34 PM

views 25

নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে ৫,৫৫০ গৰাকী টে’ট উত্তীর্ণ প্রার্থীক নিযুক্তিপত্র প্ৰদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে বাছনিকৃত ৰাজ্যৰ ৫ হাজাৰ ৫৫০ গৰাকী টে'ট উত্তীর্ণ প্রার্থীক নিযুক্তিপত্র প্ৰদান কৰে। ইয়াৰে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৩ হাজাৰ ৮০০ গৰাকী আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ এহেজাৰ ৭৫০ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে শিক্ষক সমল পেকেজৰ অধীনত শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত ৮ হাজাৰ ৭৯৯টা...

October 17, 2025 12:05 PM

views 60

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা

● স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হ'ব। পৰীক্ষাৰ্থীসকলে দিনৰ ১০.৩০ বজাত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেব ছাইট madhyamik.assam.gov.in ত তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব। অহা ২৫ অক্টোবৰৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক পদৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে।

January 18, 2025 7:40 PM

views 27

কাইলৈ প্রাদেশিকীকৃত মাধ্যমিক বিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষা

শিক্ষা বিভাগে প্রাদেশিকীকৃত মাধ্যমিক বিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত কৰিব। কাইলৈ দুয়োবেলা দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত স্নাতক পৰ্যায়ত ৩৯ হাজাৰ ২২৪ গৰাকী প্ৰাৰ্থী আৰু স্নাতকোত্তৰ পৰ্যায়ত ৩০ হাজাৰ ৩৫৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। টেট পৰীক্ষাৰ সময়ছোৱাত শান্তিশৃংখলা অটুট ৰখাৰ বাবে বিভিন্ন জিলাত কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। জিলাসমূহত জাৰি কৰা নিৰ্দেশনা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰাৰ্থী আৰু পৰীক্ষাৰ সৈতে জড়ি...

December 26, 2024 12:37 PM

views 29

TET নিযুক্তি পৰীক্ষাত দশম শ্ৰেণী পৰ্যায়ৰ ১৫ নম্বৰৰ গণিতৰ প্ৰশ্ন অন্তৰ্ভুক্ত

TET নিযুক্তি পৰীক্ষাত দশম শ্ৰেণী পৰ্যায়ৰ ১৫ নম্বৰৰ গণিতৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হ'ব। TET নিযুক্তি পৰীক্ষাত আন প্ৰশ্নৰ লগতে গণিতৰ প্ৰশ্নও অন্তৰ্ভুক্ত কৰা হ'ব বুলি নতুন পাঠ্যক্ৰম প্ৰকাশ কৰাৰ পাছতে প্ৰাৰ্থীসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ উত্তৰত কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এইদৰে প্ৰকাশ কৰে । উল্লেখযোগ্য যে পৰীক্ষাৰ কেইদিনমান পূৰ্বে নতুন পাঠ্যক্ৰম প্ৰকাশ কৰাক লৈ ক্ষুণ্ণ হৈ পৰা একাংশ প্ৰাৰ্থীৰ আবেদনমৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে টেট নিযুক্তি পৰীক্ষা ১৫ দিন পিছুৱাই দিবলৈ নিৰ্দেশ দিছে। সেই ...

December 21, 2024 8:01 PM

views 22

অহা ১৯ জানুৱাৰীত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক পদৰ বাবে টেট পৰীক্ষা

ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক পদৰ বাবে টেট তথা নিযুক্তি পৰীক্ষা অহা ১৯ জানুৱাৰীত অনুষ্ঠিত হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে অহা ২৯ ডিচেম্বৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে হ'বলগীয়া টেট তথা নিযুক্তি পৰীক্ষা পিছুৱাবলৈ শিক্ষা বিভাগক দিয়া নিৰ্দেশৰ পাছতে বিভাগে আজি এই বিষয়ে প্ৰকাশ কৰিছে। অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্ৰকাশ কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে ৩ জানুৱাৰীৰ দিনৰ ১১ বজাৰ পৰা মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট madhyamik.assam.gov.inৰ জৰি...