November 22, 2025 12:39 PM
19
টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ অভিষেক
টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ অভিষেক ঘটিছে। অসম ক্ৰিকেটৰ ৭৬ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে বর্ষাপাৰাত থকা অসম ক্রিকেট এছ'চিয়েছনৰ ষ্টেডিয়ামত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট মেচ আৰম্ভ হৈছে। ডিঙিৰ আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ পৰা বাদ পৰা ভাৰতীয় দলৰ অধিনায়ক শুভমন গীলৰ স্থানত ঋষভ পন্টে দলক নেতৃত্ব দিছে। দক্ষিণ আফ্রিকাই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে। খেলখন উপভোগৰ বাবে ভালেসংখ্যক ক্রিকেটপ্রেমীয়ে ষ্টেডিয়ামত ভিৰ কৰা পৰিলক্...