November 26, 2025 8:30 PM

views 21

ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ২-০ৰ ব্যৱধানত দক্ষিণ আফ্রিকাৰ জয়লাভ

দক্ষিণ আফ্রিকাই ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাটোত ২-০ৰ ব্যৱধানত জয়লাভ কৰিছে। গুৱাহাটীৰ বর্ষাপাৰাত অনুষ্ঠিত দুখনীয়া শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত আলহী দলটোৱে ভাৰতক ৪০৮ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। ভাৰতে দ্বিতীয় ইনিংছত ৫৪৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি আজি অন্তিম দিনা ১৪০ ৰানহে কৰিবলৈ সমর্থ হয়। ভাৰতৰ হৈ ৰবীন্দ্র জাদেজাই সর্বাধিক ৫৪ ৰান কৰে। দক্ষিণ আফ্ৰিকাৰ চাইমন হাৰ্মৰে ছটা উইকেট লাভ কৰে। দক্ষিণ আফ্রিকাই ভাৰতৰ মাটিত এইবাৰ দ্বিতীয়বাৰ আৰু ২৫ বছৰত প্ৰথম টেষ্ট শৃংখলাত জয়ী হৈছে। ইয়াৰ পূৰ্বে ২০০০...

November 15, 2025 7:58 PM

views 28

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আকর্ষণীয় পর্যায়ত

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আকর্ষণীয় পর্যায়ত উপনীত হৈছে। দক্ষিণ আফ্রিকাই আজি দ্বিতীয় দিনাৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত ৭টা উইকেটৰ বিনিময়ত ৯৩ ৰাণ সংগ্ৰহ কৰি খেলি আছিল। আজিৰ খেলত টেম্বা বাবুমা ২৯ আৰু কৰ্বিন বছে ১ ৰাণ কৰি খেলি আছে। দক্ষিণ আফ্রিকা ভাৰতৰ প্ৰথম ইনিংছতকৈ ৬৩ ৰাণত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে ভাৰতে আজি ১৮৯ ৰাণত প্ৰথম ইনিংছ সামৰে। ভাৰতৰ হৈ কে এল ৰাহুলে সর্বাধিক ৩৯ ৰাণ কৰে। ৱাম্বিংটন সুন্দৰে ২৯ ৰাণৰ বৰঙণি আগবঢ়ায়...