November 21, 2025 11:23 AM

views 33

কাইলৈ গুৱাহাটীত ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ টেষ্ট ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেটৰ ৭৬ বছৰীয়া ইতিহাসত ৰাজ্যখনত হ'বলগীয়া এই প্রথমখন টেষ্টৰ বাবে বি চি চি আই তথা অসম ক্রিকেট সন্থাই প্রস্তুতি সম্পূৰ্ণ কৰিছে। দুয়োটা দলে কালি বহু সময় ধৰি অনুশীলন কৰে। ভাৰতে আজি পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দক্ষিণ আফ্রিকাই দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুশীলন চলাব। উল্লেখযোগ্য যে চলিত শৃংখলাটোত দক্ষিণ আফ্রিকাই কলকাতাত অনুষ্ঠিত প্রথম ট...

November 13, 2025 8:17 PM

views 36

কাইলৈ ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ'ব। খেলখন পুৱা চাৰে ৯ বজাত আৰম্ভ হ'ব। শৃংখলাটোত দুয়োটা দলৰ মাজত দুখন খেল অনুষ্ঠিত হ'ব। এই শৃংখলাটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চলিত ছিজনৰ বাবেও গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল অহা ২২ৰ পৰা ২৬ নৱেম্বৰলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে, ভাৰত-এ আৰু দক্ষিণ আফ্রিকা-এ দলৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত আজি দক্ষিণ আফ্রিকাই ভা...

October 11, 2025 8:06 PM

views 30

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত ভাৰতৰ শক্তিশালী স্থিতি

ৱেষ্ট ইণ্ডিজে ভাৰতৰ বিৰুদ্ধে নতুন দিল্লীত অনুষ্ঠিত চলিত ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টৰ আজি দ্বিতীয় দিনৰ খেলৰ সামৰণিৰ পৰলৈকে ৪টা উইকেটৰ বিনিময়ত প্রথম ইনিংছত ১৪০ ৰাণ সংগ্ৰহ কৰে। খেল সামৰণিৰ পৰত ছাই হোপে ৩১ আৰু টেভিন ইমাকে ১৪ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূর্বে ভাৰতে ৫ উইকেটৰ বিনিময়ত ৫১৮ ৰাণ কৰা অৱস্থাত প্ৰথম ইনিংছ সমাপ্তিৰ কথা ঘোষণা কৰে। ভাৰতৰ হৈ যশস্বী জয়ছোৱালে ১৭৫ ৰাণ কৰে। শুভমন গীলে ১২৯ কৰি আউট নোহোৱাকৈ থাকে। ছাই সুদর্শনে ৮৭, নীতিশ ৰেড্ডীয়ে ৪৩ আৰু উইকেট কীপাৰ ধ্ৰুৱ জুৰেলে ৪৪ ৰাণ...

October 18, 2024 9:05 PM

views 30

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত ভাৰতৰ দ্বিতীয় ইনিংছত ৩ উইকেটত ২৩১ ৰান সংগ্ৰহ

ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনৰ খেলৰ সামৰণি পৰলৈকে দ্বিতীয় ইনিংছত ৩ উইকেটৰ বিনিময়ত ২৩১ ৰান সংগ্ৰহ কৰে ৷ ভাৰত নিউজিলেণ্ডৰ প্ৰথম ইনিংছতকৈ ১২৫ ৰানত পিছপৰি আছে। ভাৰতৰ হৈ দ্বিতীয় ইনিংছত কোহলি আৰু ছৰফৰাজ খানে ৭০ ৰানকৈ কৰে। ৰোহিত শৰ্মাই ৫২ ৰানৰ বৰঙণি আগবঢ়ায়। নিউজিলেণ্ডৰ এজাজ পেটেলে দুটা উইকেট দখল কৰাৰ বিপৰীতে গ্লেন ফিলিপ্‌ছে এটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে নিউজিলেণ্ডে ৰাছিন ৰবিন্দ্ৰৰ ১৩৪ ৰানৰ স...

October 12, 2024 12:02 PM

views 26

নিউজিলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা

নিউজিলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া তিনিখনীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা কৰা হৈছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আইৰ সম্পাদক জয় শ্বাহে কালি এখন বিজ্ঞপ্তিৰ জৰিয়তে ৰোহিত শৰ্মাই ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব বুলি ঘোষণা কৰে। বিজ্ঞপ্তি অনুসৰি আগশাৰীৰ বেগী বলাৰ যশপ্রীত বুমৰাহ দলৰ উপ অধিনায়ক হ'ব। যোৱাবছৰ এদিনীয়া বিশ্বকাপৰ সময়ত আঘাতপ্রাপ্ত মহম্মদ স্বামীক এই শৃংখলাৰ বাবে বাছনি কৰা হোৱা নাই। বেংটিংক্ৰম বাংলাদেশৰ বিৰুদ্ধে বাছনি কৰা দলৰ দৰেই ৰখা হৈছে। বিৰাট কোহলি, কে ...

September 27, 2024 7:41 PM

views 32

ভাৰত-বাংলাদেশৰ দ্বিতীয়খন ক্রিকেট টেষ্টৰ বৰ্ষাবিঘ্নিত প্ৰথম দিনৰ অন্তত বাংলাদেশৰ ৩ উইকেটত ১০৭ ৰাণ সংগ্ৰহ

কানপুৰৰ গ্রীণ পাৰ্কত অনুষ্ঠিত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত দ্বিতীয়খন ক্রিকেট টেষ্ট মেছত বৰ্ষাবিঘ্নিত প্ৰথম দিনাৰ খেলৰ অন্তত বাংলাদেশে ৩ উইকেটত ১০৭ ৰাণ সংগ্ৰহ কৰে। প্ৰৱল বৃষ্টিপাতৰ বাবে প্ৰথম দিনাৰ খেল বন্ধ হোৱাৰ সময়ত বাংলাদেশৰ মমিনুল হকে ৪০ আৰু মুছফিকুৰ ৰহিমে ৬ ৰাণ কৰি ক্ৰীজত আছে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।

September 20, 2024 7:32 PM

views 26

দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় দিনাৰ অন্তত দ্বিতীয় ইনিংছত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ ৩০৮ ৰাণৰ অগ্ৰগতি

বেংগালুৰুৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনাৰ দ্বিতীয় ইনিংছৰ অন্তত ভাৰত ৩০৮ ৰাণত আগবাঢ়ি আছে। ভাৰতে আজি দ্বিতীয় দিনা কালি প্ৰথম ইনিংছৰ ৩৩৯ ৰাণৰ পৰা খেল আৰম্ভ কৰি আটাইকেইটা উইকেট হেৰুৱাই ৩৭৬ ৰান সংগ্ৰহ কৰে। বাংলাদেশে প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ১৪৯ ৰাণ সংগ্ৰহ কৰে। ভাৰতে আজি দ্বিতীয় ইনিংছত ৩ টা উইকেট হেৰুৱাই ৮১ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ শুভমন গীলে সৰ্বাধিক ৩৩ ৰাণ আৰু ৰিষভ পণ্টে ১২ ৰাণ কৰি অপৰাজিত হৈ আছে।