December 19, 2024 5:16 PM December 19, 2024 5:16 PM

views 10

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৫ টা সন্ত্ৰাসবাদী নিহত

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত চলি থকা সন্ত্রাসবাদ বিৰোধী অভিযানত আজি পুৱা সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৫ টা সন্ত্ৰাসবাদী নিহত হয়। সেনা বাহিনীৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে, এই সংঘৰ্ষত আঘাতপ্ৰাপ্ত হোৱা দুজন সেনা জোৱানক চিকিৎ‍সাৰ বাবে প্ৰেৰণ কৰা হৈছে। এটা বিশেষ সূত্ৰৰ ভিত্তিত অঞ্চলটোত যোৱা নিশা সুৰক্ষা বাহিনীয়ে অভিযান চলাই বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। সুৰক্ষা বাহিনীৰ লোকে সন্ত্ৰাসবাদী কেইটা লুকাই থকা বুলি সন্দেহ কৰা কাদেৰ গাওঁত অভিযান চলোৱা সময়তে সন্ত্রাসবাদীকেইটাই তেওঁলোকলৈ লক্ষ্য ...

November 2, 2024 7:59 PM November 2, 2024 7:59 PM

views 16

কাশ্মীৰ উপত্যকাৰ অনন্তনাগ জিলাৰ হলকনগলিত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘর্ষত ২ সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ অনন্তনাগ জিলাৰ হলকনগলি এলেকাত আজি দুপৰীয়া সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘর্ষত দুজন সন্ত্রাসবাদী নিহত হয়। শ্ৰীনগৰস্থিত চিনাৰকোৰে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে, সেনা বাহিনীয়ে হলকনগলিৰ সমীপত সন্ত্ৰাসবাদীৰ সন্দেহজনক গতি-বিধি প্রত্যক্ষ কৰে আৰু ততালিকে অভিযান আৰম্ভ কৰে। ইয়াৰ পাছতে অঞ্চলটোত আত্ম-গোপন কৰি থকা সন্ত্ৰাসবাদীৰ দলে সেনা বাহিনীক প্ৰত্যক্ষ কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। প্ৰত্যুত্তৰত সেনা বাহিনীয়েও গুলী চলোৱা দুজন সন্ত্রাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদী দুজনৰ পৰিচয় এতিয...

September 14, 2024 2:58 PM September 14, 2024 2:58 PM

views 19

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ৩ টা অচিনাক্ত সন্ত্রাসবাদী নিহত

কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত আজি পুৱা সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত তিনিটা অচিনাক্ত সন্ত্রাসবাদী নিহত হয়। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে ক্ৰীৰি অঞ্চলত সন্ত্ৰাসবাদী দলে সুৰক্ষা বাহিনীলৈ লক্ষ্য কৰি গুলি বৰ্ষণ কৰে। সুৰক্ষা বাহিনীয়েও গুলিৰে প্ৰত্যুত্তৰ দিয়ে। নিহত সন্ত্রাসবাদী কেইটাক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে।

April 27, 2024 5:39 PM April 27, 2024 5:39 PM

views 14

বাৰমুল্লা জিলাৰ নাওপ’ৰাত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত দুটা সন্ত্রাসবাদী নিহত

কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ বাৰমুল্লা জিলাৰ ছ'পৰৰ নাওপ'ৰা অঞ্চলত কালি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুটা সন্ত্রাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদী দুটাৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। সন্ত্ৰসবাদীকেইটাৰ পৰা নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰৰ লগতে বহু পৰিমাণৰ গোলা-বাৰুদ জব্দ কৰে। এটা সূত্ৰৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে আৰক্ষী, সেনাবাহিনী আৰু চি আৰ পি এফে অঞ্চলটোত যৌথ অভিযান চলাইছিল।