May 29, 2025 3:34 PM May 29, 2025 3:34 PM
4
সন্ত্ৰাসবাদক উৎখাত কৰাৰ আহ্বানেৰে বিদেশ ভ্ৰমণত সংসদীয় প্রতিনিধি দলৰ আলাপ-আলোচনা অব্যাহত
সন্ত্ৰাসবাদক উৎখাত কৰাৰ আহ্বানেৰে ভাৰতৰ সংসদীয় প্রতিনিধি দলৰ বিদেশ ভ্ৰমণৰ জৰিয়তে আৰম্ভ হোৱা উচ্চ পৰ্যায়ৰ আলাপ-আলোচনা অব্যাহত আছে। ভিন ভিন দলৰ সাংসদসকলক লৈ গঠন কৰা এনে ৭টা প্রতিনিধি দলে সম্প্ৰতি বিভিন্ন দেশৰ নেতৃবৰ্গৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিছে। বিজেপিৰ সাংসদ বৈজয়ন্ত জয় পাণ্ডা নেতৃত্বাধীন সর্বদলীয় প্রতিনিধি দলটো যোৱা ২৭ মে'ৰ পৰা চৌদি আৰৱত বিভিন্ন পক্ষৰ সৈতে আলোচনাত মিলিত হৈছে। তেওঁলোকে যোৱা ২২ এপ্ৰিলত ২৬ গৰাকী অসামৰিক ব্যক্তিক হত্যা কৰা পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাটোৰ বিষয়ে ...