January 3, 2026 6:15 PM

views 9

ছত্তিশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা সুকীয়া সংঘৰ্ষত ১৪ জন মাওবাদী নিহত

ছত্তিশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা সুকীয়া সংঘৰ্ষত ১৪ জন মাওবাদী নিহত হয়। সুকমা জিলাৰ কণ্টা এলেকাত হোৱা এটা সংঘৰ্ষত ১২ জন মাওবাদী নিহত হয়। একেদৰে বিজাপুৰ জিলাৰ বাছাগুড়া এলেকাত হোৱা আন এটা সংঘৰ্ষত দুজন মাওবাদী নিহত হয়। সুৰক্ষা বাহিনীয়ে সংঘৰ্ষস্থলীৰ পৰা নিহত মাওবাদী কেইজনৰ মৃতদেহ উদ্ধাৰ কৰিছে। সুৰক্ষা বাহিনীয়ে এটা এ কে 47 ৰাইফল, এটা এছেলাৰ ৰাইফলসহ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিছে।

September 11, 2025 3:24 PM

views 25

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি উৎখাতৰ লগতে ৫জন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

■ দিল্লী আৰক্ষীৰ বিশেষ শাখাই সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি উৎখাত কৰে আৰু বিভিন্ন ৰাজ্যৰ পৰা পাঁচজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। নতুন দিল্লীত আজি এখন সংবাদমেলত বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত প্রমোদ সিং কুশ্বৱাহাই এই কথা প্ৰকাশ কৰি কয়, যে সন্ত্ৰাসবাদী কেইজনক দিল্লী, ঝাৰখণ্ড, তেলেংগানা আৰু মধ্য প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। দিল্লী আৰক্ষীয়ে সন্ত্ৰাসবাদী কেইজনৰ পৰা বিস্ফোৰক সামগ্ৰী নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্রী উদ্ধাৰ কৰে বুলি অতিৰিক্ত আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ঝাৰখ...

September 8, 2025 10:47 PM

views 26

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গাদ্দাৰ বনাঞ্চলত চলোৱা অভিযানত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ২ লৈ বৃদ্ধি

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গাদ্দাৰ বনাঞ্চলত চলোৱা অভিযানত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ২ লৈ বৃদ্ধি পাইছে। সেনাৰ এগৰাকী মুখপাত্রই জনাইছে যে সেনা বাহিনীৰ এগৰাকী কণিষ্ঠ বিষয়াও এই অভিযানত আহত হৈছে। উন্নত চিকিৎ‍সাৰ বাবে তেওঁক হস্পিতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্যৰ ভিত্তিত আজি পুৱা সেনা, চি আৰ পি এফ আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে গাদ্দাৰ বনাঞ্চল ঘেৰাও কৰি তালাচী অভিযান চলায়।

May 22, 2025 3:27 PM

views 21

জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ছিংপোৰা চাক্ৰ এলেকাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা

জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ছিংপোৰা চাক্ৰ এলেকাৰ বনাঞ্চলত আজি পুৱা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ এটা ঘটনা সংঘটিত হয়। আকাশবাণীৰ জন্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে নির্দিষ্ট খবৰৰ ভিত্তিত আৰক্ষী আৰু সেনাৰ এটা যুটীয়া অভিযানকাৰী দলে অঞ্চলটোত তালাচী অভিযান চলাই থকাৰ সময়তে সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি হয়। এই অভিযানৰ সময়ছোৱাত দুই-তিনিজন সন্ত্রাসবাদী অৰণ্যৰ মাজত আৱদ্ধ হৈ পৰা বুলি নিৰাপত্তাবাহিনীৰ সূত্ৰৰ উদ্ধৃতিৰে সংবাদদাতাগৰাকীয়ে জানিবলৈ দিছে। বাতৰি যুগুতোৱাৰ পৰলৈ উভয় পক...