July 16, 2024 1:32 PM

views 26

কাইলৈ হেমবার্গ অপেন টেনিছত ভাৰতৰ বোহন বোপন্না আৰু এন শ্ৰীৰাম বালাজীৰ যুটী পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত জাৰ্মানীৰ জেকব স্নাইটাৰ আৰু মাৰ্ক বালন’ৰৰ সন্মুখীন হ’ব

ভাৰতৰ বোহন বোপন্না আৰু এন শ্ৰীৰাম বালাজীৰ যুটীটো কাইলৈ হেমবার্গ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম বাউণ্ডত জাৰ্মানীৰ জেকব স্নাইটাৰ আৰু মাৰ্ক বালন'ৰৰ সন্মুখীন হ'ব। ভাৰতীয় যুটীটোৱে পেৰিছ অলিম্পিকৰ পূৰ্বে ক্ৰ'ৱেছিয়াৰ উমাগত আন এখন প্রতিযোগিতাতো অংশগ্ৰহণ কৰিব। পেৰিছ অলিম্পিকৰ পূৰ্বে ক্ৰ'ৱেছিয়াত হ'বলগীয়া প্ৰতিযোগিতাখন বোপন্না আৰু বালাজীৰ বাবে অন্তিমখন প্ৰতিযোগিতা হ'ব।

July 13, 2024 1:33 PM

views 22

গুৱাহাটীত আজিৰেপৰা অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল

● অসম টেনিছ সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল আৰম্ভ হ'ব। গুৱাহাটীৰ চচল টেনিছ প্রকল্পত অনুষ্ঠিত হ'বলগীয়া প্রতিযোগিতাখনত আয়োজক অসমসহ ভাৰতৰ ১৩ খন ৰাজ্যৰ খেলুৱৈব নাম পঞ্জীয়ন কৰা হৈছে। উল্লেখযোগ্য যে প্রতিযোগিতাখনত ১২ আৰু ১৪ বছৰ অনুৰ্ধৰ ল'ৰা-ছোৱালী উভয়ৰে একক আৰু দ্বৈত শাখাৰ মেচসমূহ অনুষ্ঠিত হ'ব। ১৩ আৰু ১৪ জুলাইত কোৱালিফায়িং ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৫ জুলাইৰ পৰা মূল প্রতিযোগিতাৰ খেল অনুষ্ঠিত হ'ব।

July 13, 2024 1:03 PM

views 26

উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত জেছমিন পাঅ’লিনি বাৰবোৰা ক্রাইজিকোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হব

● সপ্তম বাছনিপ্রাপ্ত জেছমিন পাঅ'লিনি আজি উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত ৩১ সংখ্যক বাছনিপ্রাপ্ত বাৰবোৰা ক্রাইজিকোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চেক গণৰাজ্যৰ ক্ৰাইজিকোভাই বৃহস্পতিবাৰে ছেমি ফাইনেলত কাজাখস্তানৰ এলিনা ৰায়বাকিনাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। আনহাতে ইটালীৰ পাঅলিনিয়ে ৱেচিয়াৰ ডোনা ৱেকিছক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ইফালে, প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ফাইনেলত কাইলৈ ৭ বাৰৰ চেম্পিয়ন ন'ভাক জ’ক'ভিচ যোৱাবাৰৰ চেম্পিয়ন কার্লোছ অন্কাৰ ...

July 13, 2024 10:39 AM

views 25

ব্রাৱো অপেন ছেলেঞ্জাৰ টেনিছৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটী

● ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটীটো জার্মানীত অনুষ্ঠিত ব্রাৱো অপেন ছেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। বালাজী আৰু এস্কোবাৰৰ যুটীটোৱে কালি ছেমি ফাইনেলত চতুর্থ বাছনিপ্রাপ্ত ইউক্রেইনৰ ডেনিছ মোলছানোভ আৰু নেডাৰলেণ্ডছৰ মেটৱে মিডিলকুপক ৬-৩, ৭-৬ পোনপটীয়া ছেটত পৰাস্ত কৰে। ভাৰত আৰু ইকুৱেডৰ যুটীটো আজি ফাইনেলত নেডাৰলেণ্ডছৰ ছেণ্ডাৰ এৰেন্দ্ৰছ আৰু ৰবিন হাছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাত আৰম্ভ হ'ব।

July 12, 2024 9:56 AM

views 21

উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ চেক গণৰাজ্যৰ বাৰবোৰা ক্রাইজিকোভা

■ চেক গণৰাজ্যৰ বাৰবোৰা ক্রাইজিকোভা প্ৰথমবাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৩১ সংখ্যক বাছনিপ্রাপ্ত ক্রাইজিকোভাই যোৱানিশা লণ্ডনত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত কাজাখস্তানৰ এলেনা ৰায়বাকিনাক ৩-৬, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে সপ্তম বাছনিপ্রাপ্ত ইটালীৰ জেছমিন পাঅ'লিনিয়ে মহিলাৰ ছিংগলছৰ প্ৰথমখন ছেমি ফাইনেলত ক্ৰ'ৱেছিয়াৰ ডোনা ৱেকিক ২-৬, ৬-৪, ৭-৬ ছেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত আজি যোৱাবাৰৰ চেম্পিয়ন ...

July 11, 2024 12:49 PM

views 24

ব্ৰাৱো অ’পেন চেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটী

ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটীটোৱে জাৰ্মানীৰ ব্ৰৌংশ্বিগত অনুষ্ঠিত ব্ৰাৱো অ'পেন চেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। শীর্ষ বাছনিপ্রাপ্ত শ্ৰীৰাম আৰু গোঞ্জালোৰ যুটীটোৱে কালি বিয়লি প্রি-কোৱাৰ্টাৰ ফাইনেলত বলিভিয়াৰ বোৰিছ এৰিয়াছ আৰু ফেডেৰিকো জেবাল'ছৰ যুটীটোক ৬-৩, ৬-০ পোনপটীয়া চেটত পৰাস্ত কৰে। শ্ৰীৰাম আৰু গোঞ্জালোৰ যুটীটো আজি সন্ধিয়া কোৱাৰ্টাৰ ফাইনেলত ব্রাজিলৰ মাৰ্ছেলো ডেমোলিনৰ আৰু আৰ্জেণ্টিনাৰ গুইলের্মো ডুৰানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব...

July 7, 2024 12:02 PM

views 27

ন’ভাক জক’ভিচ  গ্রেণ্ডশ্লাম টেনিছ প্রতিযোগিতা উইম্বলডনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ

ন’ভাক জক’ভিচে চলিত গ্রেণ্ডশ্লাম টেনিছ প্রতিযোগিতা উইম্বলডনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে। যোৱানিশা অনুষ্ঠিত পুৰুষৰ একক শাখাৰ তৃতীয় ৰাউণ্ডৰ খেলত ছাৰ্বিয়াৰ তাৰকা খেলুৱৈগৰাকীয়ে ৪-৬, ৬-৩, ৬-৪ আৰু ৭-৬ৰ ব্যৱধানত এলেক্স প’পিৰিণক পৰাস্ত কৰে। ইফালে, অন্য এখন খেলত আলেকজেণ্ডাৰ জেৰভে ৬-৪, ৬-৪ আৰু ৭–৬ৰ ব্যৱধানত কেমেৰুণ ন’ৰিক পৰাস্ত কৰি চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰে। মহিলাৰ একক শাখাৰ তৃতীয় ৰাউণ্ডৰ এখন খেলত ইউলিয়া পুটিন ছেভাইক ৩-৬, ৬-১, ৬-২ৰ ব্যৱধানত শীৰ্ষ বাছনিৰ ইগাক পৰাস্ত কৰি চমক সৃষ্টি কৰে। ইফালে, উইম্বলডন...

June 8, 2024 1:49 PM

views 21

ফ্ৰেন্স অপেন টেনিছত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কাৰ্লোচ অলকৰাজ গার্ফিয়া

স্পেইনৰ কাৰ্লোচ অলকৰাজ গার্ফিয়াই ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কার্লোচ অলকৰাজে কালি ছেমি ফাইনেলত ইটালীৰ জানিক ছিনৰক ২-৬, ৬-৩, ৩-৬, ৬-৪, ৬-৩ ছেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে, কালি অনুষ্ঠিত আনখন ছেমি ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱৰেভে সপ্তম বাছনিপ্ৰাপ্ত নৰোৱেৰ কেম্পাৰ ৰুদক ৬-২, ৬-৪, ৬-২ ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। অলকৰাজ ফাইনেলত কাইলৈ আলেকজেণ্ডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে, প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেল খে...

May 14, 2024 11:39 AM

views 17

ৰোহন বোপন্না-মেথিউ এবডেন ইটালিয়ান অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো ইটালিয়ান অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপন্না আৰু এবডেনৰ যুটীটোৱে কালি প্ৰতিযোগিতাৰ এখন খেলত ইটালীৰ ফ্ৰান্সেস্ক' পাছাৰ' আৰু মাতেঅ' অর্নান্ডিক ৬-২, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰে। দ্বিতীয় বাছনিপ্ৰাপ্ত বোপন্না আৰু এবডেনৰ যুটীটো আজি প্রি-কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ ছিম’ন ব’লেলি আৰু এন্ড্রিয়া ৱাৱাচ্ছৰিৰ সন্মুখীন হ'ব।