March 11, 2025 6:28 PM

views 17

ইণ্ডিয়ান ৱেলছ্ অপেন টেনিছত পুৰুষৰ ডাবলছত যুকি ভাম্বৰি আৰু আন্দ্ৰে গোৰানছন প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্নিয়াত অনুষ্ঠিত ইণ্ডিয়ান ৱেলছ্ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছত ভাৰতৰ যুকি ভাম্বৰি আৰু তেওঁৰ ছুইডেনৰ সহযোগী আন্দ্ৰে গোৰানছন প্রী-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। যুটীটোৱে আজি পুৱা বেলজিয়ামৰ ছেণ্ডাৰ জিলি আৰু পোলেণ্ডৰ জোন জিলেনক্সিক ৩-৬, ৭-৬, ১০-৮ ছেটত পৰাস্ত কৰে। যুটীটোৱে আজি নিশা ফিনলেণ্ডৰ হাৰি হেলিওভাৰা আৰু ব্ৰিটেইনৰ হেনৰি পেটেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

March 2, 2025 12:06 PM

views 28

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যুটীৰ ডুবাই টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল

ভাৰতৰ যুকি ভান্ত্ৰি আৰু অষ্ট্ৰেলিয়াৰ এলেক্সি প’পিৰিনৰ যুটীটোৱে ডুবাই টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যুটীটোৱে যোৱা নিশা ফাইনেলত ফিনলেণ্ডৰ হেৰি হেলিয়োভাৰা আৰু ব্ৰিটেইনৰ হেনৰি পেটেনৰ যুটীটোক ৩-৬, ৭-৬, ১০-৮ ছেটত পৰাস্ত কৰে। এয়া হৈছে মুকি ভান্ত্ৰিৰ এ টি পি ডাবলছ প্রতিযোগিতাৰ চতুৰ্থ খিতাপ। ইয়াৰ পূৰ্বে য়ুকি আৰু এলেক্সিৰ যুটীটোৱে ছেমিফাইনেলত ব্ৰিটেইনৰ জেমি ম'ৰে আৰু অষ্ট্ৰেলিয়াৰ জ'ন পিয়াৰ্ছোৰ যুটীটোক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল।

February 28, 2025 1:01 PM

views 20

বেংগালুৰু অপেন টেনিছ প্রতিযোগিতাত সিদ্ধান্ত বন্থিয়া আৰু পৰিক্ষিত চোমানি পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ সিদ্ধান্ত বন্থিয়া আৰু পৰিক্ষিত চোমানিৰ যুটীটো বেংগালুৰু অপেন টেনিছ প্রতিযোগিতাত পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। সিদ্ধান্ত আৰু পৰিক্ষিতৰ যুটীটোৱে কালি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত নিকলাচ মেজিয়া আৰু বাৰ্ণাৰ্ড টমিক ৭-৫, ৬-০ পোনপটীয়া ছেটত পৰাস্ত কৰে। সিদ্ধান্ত আৰু পৰিক্ষিত আজি ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ ব্লেক বেয়লণ্ড আৰু মেথিউ ক্রিষ্টোফাৰ ৰোমিয়োছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে যোৱাবাৰৰ চেম্পিয়ন ৰাম কুমাৰ ৰামনাথন আৰু ছাকেট মাইনেনীৰ যুটীটোৱে হাইনেক বাৰ্তন আৰু এৰিক ৱানচে...

February 8, 2025 12:47 PM

views 30

এল এণ্ড টি মুম্বাই অপেন টেনিছ প্রতিযোগিতাত মায়া ৰাজেশ্বৱৰণ ছেমি ফাইনেলত প্ৰৱেশ

এল এণ্ড টি মুম্বাই অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত মায়া ৰাজেশ্বৱৰণে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ১৫ বছৰীয়া খেলুৱৈগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ মেই য়ামাগুচিক ৬-৪, ৩-৬, ৬-২ ছেটত পৰাজিত কৰে। প্ৰতিযোগিতাৰ ছিংগলছত এতিয়ালৈকে বৰ্তি থকা মায়াই হৈছে একমাত্র ভাৰতীয় খেলুৱৈ। আজি হ'বলগীয়া ছেমি ফাইনেলত মায়াই ছুইজাৰলেণ্ডৰ জিল টেকমেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰাৰ্থনা থন্ত্ৰে আৰু এৰিয়েন হার্টোনোৱে ইডেন ছিলভা আৰু এনাষ্টাচিয়া তিখনোভাক ২-৬, ৬-৪, ১০-২ ছেটত পৰা...

December 31, 2024 1:39 PM

views 20

শিৱসাগৰ মুকলি টেনিছ প্রতিযোগিতাত আৰাইনা টি আহমেদ আৰু নিব্ৰাজ কে হুছেইনে খিতাপ অর্জন

শিৱসাগৰ টেনিছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত শিৱসাগৰ মুকলি টেনিছ প্রতিযোগিতাত আৰাইনা টি আহমেদ আৰু নিব্ৰাজ কে হুছেইনে খিতাপ অর্জন কৰিছে। ছোৱালীৰ ১২ আৰু ১৪ বছৰ অনুৰ্দ্ধৰ ফাইনেলত শিৱসাগৰৰ আৰাইনাই গোলাঘাটৰ দিবান্ধতী তামুলীক হৰুৱাই খিতাপ দখল কৰে। ১৪ বছৰ অনুৰ্ধৰ ছিংগলছৰ ফাইনেলত শিৱসাগৰৰ নিৱাছে গুৱাহাটীৰ চন্দ্ৰশেখৰ মোহান্তিক পৰাস্ত কৰি খিতাপ দখল কৰে। ১৪ বছৰ অনুৰ্ধৰ ডাবলছৰ ফাইনেলত নিব্ৰাছে চন্দ্ৰশেখৰৰ সৈতে যুটী বান্ধি শিৱসাগৰৰ ৰিয়ানজ্যোতি দত্ত আৰু অনয় শৰ্মাক পৰাস্ত কৰে ৷ ছোৱালীৰ ১৮ বছৰ অনুৰ্ধৰ শিতানত গোলাঘাট...

October 23, 2024 11:40 AM

views 24

ভিয়েনা অ’পেন টেনিছ প্রতিযোগিতাত ৰোহন বোপন্না আৰু মেথিউ এবডেন কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো ভিয়েনা অ'পেন টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। বোপন্না আৰু এবডেনৰ যুটীটোৱে কালি প্রি-কোৱাৰ্টাৰ ফাইনেল নেডাৰলেণ্ডছৰ ৰবিন হাছে আৰু জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভৰ্ভেৰ যুটীটো ২-৬, ৭-৫, ১০–৫ ছেটত পৰাস্ত কৰে। বোপন্না আৰু এবডেনৰ যুটীটো কাইলৈ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনৰ নীল স্কুপস্কী আৰু নিউজিলেণ্ডৰ মাইকেল ভেনাছৰ সন্মুখীন হ'ব।

October 21, 2024 11:53 AM

views 14

অলমেটি অ’পেন ২০২৪ এটিপি- ২৫০ টেনিছ প্রতিযোগিতাত পুৰুষৰ ডাবলছত অৰ্জুন কাধে আৰু ঋত্বিক বল্লিপাল্লিয়ৰ খিতাপ অৰ্জন

ভাৰতৰ অৰ্জুন কাধে আৰু ঋত্বিক বল্লিপাল্লিয়ে কালি কাজাখস্থানত আয়োজিত অলমেটি অ'পেন ২০২৪ এটিপি-২৫০ টেনিছ প্রতিযোগিতাত পুৰুষৰ ডাবলছ শাখাৰ খিতাপ অৰ্জন কৰিছে। কাধে আৰু বল্লিপাল্লিয়ে কলম্বিয়াৰ নিক'লাছ বেৰিয়নটছ আৰু টিউনিছিয়াৰ স্কেন্দাৰ মনচৌৰিক ছুপাৰ টাইব্ৰেকাৰত পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰে। ভাৰতীয় টেনিছ খেলুৱৈদ্বয়ে বিগত বৰ্ষত ইটালীৰ অ'লবিয়াত চেলেঞ্জাৰ খিতাপ অৰ্জন কৰাৰ পাছত এইবেলি ছেমি ফাইনেলত জাৰ্মানীৰ জেক'ব স্নেইটাৰ আৰু মাৰ্ক ৱালনাৰৰ যুটীটোক পৰাস্ত কৰি তেওঁলোকৰ প্ৰথমখন এটিপি ফাইনেলত খেলাৰ সুযো...

October 10, 2024 8:39 PM

views 20

টেনিছ খেলুৱৈ ৰাফেল নাডালে পেছাদাৰী টেনিছৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা

২২টাকৈ গ্রেণ্ডশ্লেম ছিংগলছ খিতাপ দখল কৰা স্পেইনৰ আগশাৰীৰ টেনিছ খেলুৱৈ ৰাফেল নাডালে পেছাদাৰী টেনিছৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। তেওঁ সামাজিক মাধ্যমৰ এটা ভিডিঅ' যোগে অৱসৰৰ কথা প্ৰকাশ কৰিছে। তেওঁ লগতে খেলুৱৈ জীৱনৰ বিভিন্ন স্তৰত আগবঢ়োৱা সমর্থনৰ বাবে কৃতজ্ঞতা প্রকাশ কৰিছে। নাডালে নৱেম্বৰত মালাগাত হ'বলগীয়া ডেভিছ কাপ ফাইনেলছেৰে খেলুৱৈ জীৱনৰ সামৰণি মাৰিব। নাডালে খেলুৱৈ জীৱনত ৩৬টা মাষ্টাৰ্ছ খিতাপ আৰু এটা অলিম্পিক স্বর্ণপদক সহ মুঠ ৯২ টা এ টি পি ছিংগলছৰ খিতাপ অৰ্জন কৰিছে।

July 18, 2024 5:26 PM

views 16

ছুইডিছ অপেন টেনিছত পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ সুমিত নাগল আৰ্জেণ্টিনাৰ মৰিয়ানো নৱোনেৰ সন্মুখীন হ’ব

ভাৰতৰ সুমিত নাগলে আজি ছুইডিছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ ৩৬ সংখ্যক স্থানৰ আৰ্জেণ্টিনাৰ মৰিয়ানো নৱোনেৰ সন্মুখীন হ'ব। খেলখন আজি বিয়লি ছুইডেনৰ বষ্টাড টেনিছ ষ্টেডিয়ামৰ চেণ্টাৰ কোৰ্টত অনুষ্ঠিত হ'ব। নাগলে মঙলবাৰে প্ৰতিযোগিতাৰ এখন খেলত ছুইডেনৰ এলিয়াছ য়মেৰক ৬-৪, ৬-৩ পোনপটীয়া ছেটত পৰাভূত কৰে।

July 16, 2024 1:34 PM

views 16

ছুইডেন অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ সুমিত নাগাল এলিয়াছ য়েমাৰৰ সন্মুখীন হ’ব

ভাৰতৰ সুমিত নাগাল আজি ছুইডেনৰ বাষ্টাড টেনিছ ষ্টেডিয়ামত চলি থকা ছুইডেন অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আয়োজক দেশখনৰ এলিয়াছ য়েমাৰৰ সন্মুখীন হ'ব। পুৰুষৰ ডাবলছত ভাৰতীয় ভাৰতীয় খেলুৱৈগৰাকী আৰু পোলেণ্ডৰ কেবল ড্ৰজেৱিছকিৰ যুটীটো আজি বিয়লি ফ্ৰান্সৰ আলেকজেন্দ্ৰী মুলাৰ আৰু লুকাভেন এচেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।