November 18, 2025 7:59 PM

views 18

এছ বি আই আই টি এফ জুনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযোগিতাত শ্বেৰী শৰ্মা প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

এছ বি আই আই টি এফ জুনিয়ৰ জে-ছিক্সটি আন্তর্জাতিক টেনিছ প্রতিযোগিতাত অসমৰ শ্বেৰী শৰ্মাই প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আন্তর্জাতিক টেনিছ প্রতিযোগিতাখনৰ মূল ৰাউণ্ডত খেলাৰ সুযোগ লাভ কৰা অসমৰ খেলুৱৈগৰাকীয়ে আজি দ্বিতীয় দিনা দেশৰে প্ৰতিদ্বন্দ্বী সবর্ণীকা বিছানাকাৰক ৭-৫, ৬-১ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি ছোৱালীৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গুৱাহাটীৰ চচলত থকা অসম টেনিছ সন্থাৰ প্ৰকল্পত চলি থকা প্রতিযোগিতাখনৰ ল'ৰাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ আন এখন খেলত অসমৰ আন এগৰাকী খেলুৱৈ ৰৌনক কাশ্...

November 13, 2025 12:36 PM

views 19

আই টি এফ মাষ্টাৰ্ছ T- 200 আন্তর্জাতিক টেনিছৰ পুৰুষ আৰু মহিলাৰ চূড়ান্ত খেলসমূহ আজি অনুষ্ঠিত

■ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত চলি থকা আই টি এফ মাষ্টাৰ্ছ T- 200 আন্তর্জাতিক টেনিছ প্রতিযোগিতাখনৰ পুৰুষ আৰু মহিলাৰ সকলো শাখাৰে চূড়ান্ত খেলসমূহ আজি অনুষ্ঠিত হ'ব। পুৰুষৰ ৪৫ বছৰ উৰ্ধৰ একক শাখাত শ্লোকাভিয়াৰ পিটাৰ জাংকুস্কাৰ বিপৰীতে জার্মান খেলুৱৈ ডেনিয়েল জন ফাইনেলত অৱতীৰ্ণ হ'ব।

November 9, 2025 7:39 PM

views 24

বিশ্বৰ ১৫খন দেশৰ দুই-শতাধিক খেলুৱৈৰ অংশগ্রহণেৰে গুৱাহাটীত দুখনকৈ আন্তর্জাতিক টেনিছ প্রতিযোগিতাৰ আয়োজন

সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেশ্যনৰ সহযোগত সদৌ অসম টেনিছ সন্থাই কাইলৈৰ পৰা গুৱাহাটীত দুখনকৈ আন্তর্জাতিক টেনিছ প্রতিযোগিতাৰ আয়োজন কৰিছে। প্রতিযোগিতা দুখনত ভাৰতৰ লগতে বিশ্বৰ ১৫খন দেশৰ দুই-শতাধিক খেলুৱৈয়ে অংশগ্রহণ কৰিব। চচলৰ টেনিছ প্রকল্পত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ বিশ্ব ৰেংকিং ইভেন্ট আই টি এফ মাষ্টাৰ্ছ এম টি টু হান্ড্রেড প্রতিযোগিতাখনৰ খেল পুৱাৰে পৰা আৰম্ভ হ'ব। ৩৫, ৪৫, ৫৫ আৰু ৬৫ বছৰৰ উৰ্দ্ধৰ পুৰুষ আৰু মহিলাৰ বাবে প্রতিযোগিতাখন মুকলি থাকিব। অহা ১৪ নৱেম্বৰত এই প...

September 5, 2025 9:14 PM

views 18

ইউ এছ অ’পেন টেনিছৰ মহিলাৰ একক শাখাৰ ফাইনেলত এমাণ্ডা এনিছিমোভাই বৰ্তমানৰ চেম্পিয়ন এৰিনা ছেভেলেংকাৰ মুখামুখি

ইউ এছ অ'পেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ একক শাখাৰ ফাইনেলত এমাণ্ডা এনিছিমোভাই বৰ্তমানৰ চেম্পিয়ন এৰিনা ছেভেলেংকাৰ মুখামুখি হ'ব। আমেৰিকাৰ এনিছিমোভাই প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত নাওমী অছাকাক পৰাস্ত কৰে। ইফালে, প্রথমখন ছেমি ফাইলেনত বেলাৰুচৰ ছেভেলেংকাই আমেৰিকাৰ জেছিকা পেগুলাক পৰাস্ত কৰে। পুৰুষৰ একক শাখাৰ এখন ছেমি ফাইনেলত বিশ্বৰ ১ নম্বৰ স্থানৰ ইটালীৰ বৰ্তমানৰ চেম্পিয়ন জেনিক চিনাৰ কানাডাৰ ফেলিক্স উগেৰ এলিয়াছিমেৰ মুখামুখি হ'ব। আনখন ছেমি ফাইনেলত নভাক জ'ক'ভিচে স্পেইনৰ কাৰ্লোৰ্ছ আলকাৰাজৰ মুখামুখি ...

September 4, 2025 3:29 PM

views 15

ইউ এছ অ’পেন টেনিছত পুৰুষৰ ডাবলছৰ ছেমি ফাইনেল ভাৰতৰ যুকি ভান্ত্ৰী

■ ইউ এছ অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত আজি সন্ধিয়া ভাৰতৰ যুকি ভান্ত্ৰী আৰু তেওঁৰ নিউজিলেণ্ডৰ সহযোগী মাইকেল ভেনাছ, ব্ৰিটিছ যুটী নীল স্কুপস্কি আৰু জ' ছেলিজবেৰিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে, পুৰুষৰ ছিংগলছত যোৱা মঙলবাৰে ন'ভাক জকভিছে টাইলৰ ফ্রিট্জক কোৱাৰ্টাৰ ফাইনেলত ৬-৩, ৭-৫, ৩-৬, ৬-৪ ছেটত পৰাস্ত কৰে। জকভিছে কাইলৈ স্পেইনৰ কাৰ্লোৰ্ছ আলকাৰ্জেৰ বিৰুদ্ধে ছেমি পাইনেলত অৱতীৰ্ণ হ'ব। মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ আমাণ্ডা আনিছিম ভাই পোলেণ্ডৰ ইগা শ্বাইটেক ৬-৪, ৬-৩ ছেট পৰাস্ত ক...

July 26, 2025 10:44 AM

views 19

চাইনা অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষ ডাবলছ শাখাৰ ছেমি ফাইনেলত ভাৰতৰ প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ স্বাত্বিকছাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে চাইনা অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ছাংঝ’ত কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ তিনি নম্বৰ স্থানৰ যুটীটোৱে মালয়ছিয়াৰ অং ইউ চিন আৰু টেউ ই য়িক ২১- ১৮, ২১-১৪ পোনপটীয়া গেমত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতৰ যুটীটোৱে আজি হ’বলগীয়া খেলত বিশ্বৰ দ্বিতীয় স্থানৰ যুটী মালয়ছিয়াৰ আৰ’ন চিয়া আৰু ছ’হ উই য়িকৰ বিৰুদ্ধে খেলিব। ইপিনে ভাৰতৰ ১৭ বছৰীয়া খেলুৱৈ উন্নাতি হুডাই মহিল...

June 30, 2025 7:43 PM

views 16

লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আজিৰে পৰা ২০২৫ বৰ্ষৰ তৃতীয়টো গ্ৰেণ্ডশ্লেম উইম্বলডন টেনিছ প্রতিযোগিতা আৰম্ভ

লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আজিৰে পৰা চলিত বৰ্ষৰ তৃতীয়টো গ্ৰেণ্ডশ্লেম উইম্বলডন টেনিছ প্রতিযোগিতা আৰম্ভ হৈছে। এইবাৰৰ প্ৰতিযোগিতাত পুৰুষৰ ছিংগলচ্ শাখাত চলিত বৰ্ষৰ ফ্ৰেন্স অ’পেন খিতাপ অৰ্জন কৰা কাৰ্লছ আলকাৰাজ, বিশ্বৰ শীৰ্ষস্থানৰ জানিক ছিনাৰ আৰু ২৪ বাৰ গ্ৰেণ্ডশেম খিতাপ অৰ্জন কৰা ন’ভাক জ’ক’ভিচ অন্যতম তাৰকা খেলুৱৈ । আলকাৰাজ নিজৰ প্ৰথম ৰাউণ্ডৰ খেলত ফেবিঅ' ফগনিনিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। প্ৰথম ৰাউণ্ডৰ আন এখন খেলত ফ্ৰান্সৰ বেঞ্জামীন বনজিয়ে প্রতিযোগিতাৰ নৱম বাচনিপ্রাপ্ত তাৰকা খেলুৱৈ ডানিল মেদৱেদেৱক ৭-৬, ৩-৬...

June 1, 2025 3:42 PM

views 21

ফ্ৰেন্স অপেন টেনিছত নভাক জ’ক’ভিছ আৰু জানিক চিনাৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ

■ নভাক জ’ক'ভিছ আৰু বিশ্ব ৰেংকিঙৰ প্ৰথম স্থানত থকা জানিক চিনাৰে ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে। দুয়োগৰাকী খেলুৱৈ যোৱা নিশা নিজৰ নিজৰ খেলত জয়লাভেৰে চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰে। খেলুৱৈ জীৱনৰ ২৫ সংখ্যক গ্ৰেণ্ডস্লাম বিজয়ৰ লক্ষ্যৰে ফ্ৰেন্স অপেনত প্ৰতিদ্বন্দিতা কৰা নভাক জ'ক'ভিছে অষ্ট্ৰেলিয়াৰ ফিলিপ মিছ'লিকক ৬-৩, ৬-৪, ৬-২ ছেটত পৰাস্ত কৰে। তেওঁ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনৰ কেমেৰ'ন নুৰিৰ বিৰুদ্ধে খেলিব। আনহাতে, জানিক চিনাৰে চেকোশ্লোভাকিয়াৰ জিৰি লেহেকাক ৬-০, ৬–১, ৬–২ ছেটত পৰাস...

April 26, 2025 6:41 PM

views 20

বিশ্ব টেবুল টেনিছ কনটেনডাৰত মহিলাৰ ছিংগ’লছৰ প্রি কোৱাৰ্টাৰ ফাইনেলত মনিকা বাট্টাক পৰাস্ত কৰি দিয়াৰ চূড়ান্ত ৮ত প্ৰৱেশ

টিউনিছিয়াৰ টিউনিছত চলি থকা বিশ্ব টেবুল টেনিছ কনটেনডাৰ প্ৰতিযোগিতাত আজি ভাৰতৰ দিয়া চিটালেই ৩ খন কোৱাৰ্টাৰ ফাইনেল খেলিব। মহিলাৰ ছিংগ'লছত কালি প্রি কোৱাৰ্টাৰ ফাইনেলত মনিকা বাট্টাক পৰাস্ত কৰি দিয়াই চূড়ান্ত ৮ত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁ জাৰ্মানীৰ ছেবিন উইণ্টাৰৰ বিৰুদ্ধে খেলিব। মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত আজি বিয়লি দিয়া চিটালে আৰু যশস্বিনী ঘোৰপাড়ে যুটিয়ে চীনৰ হু য়ি আৰু ডিং য়িজিয়ে যুটিৰ বিৰুদ্ধে খেলিব। মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলতো মনুষ শ্বাহৰ সৈতে যুটি বান্ধি দিয়াই টিউনিছিয়...

April 7, 2025 8:09 PM

views 17

ৰোহণ বোপান্না, বেন শ্বেৰ্টন মণ্টে-কাল’ মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ

ফ্ৰান্সত অনুষ্ঠিত মণ্টে-কাল’ মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ দ্বৈত শাখাত ভাৰতৰ ৰোহণ বোপান্নাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন শ্বেৰ্টনৰ সৈতে প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। তেওঁলোকৰ যুটিটোৱে কালি অনুষ্ঠিত প্রথম ৰাউণ্ডৰ খেলত আৰ্জেণ্টিনাৰ ফ্ৰাঞ্চিস্ক’ ছেৰুণ্ড’ল’ আৰু চিলিৰ এলেজাণ্ড’ টেবিল’ক ৬-৩, ৭-৫ ৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ ৪৫ বছৰ বয়সীয়া খেলুৱৈ বোপন্না আৰু আমেৰিকাৰ ২২ বছৰীয়া শ্বেষ্টটন কাইলৈ হ'বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ যুটি ছিমন বলেলী আৰু এণ্ডিয়া ৱাৱছ’ৰীৰ বিৰুদ্ধে অৱতীৰ্ণ হ...