June 10, 2024 11:40 AM

views 17

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত তীৰ্থযাত্ৰীভৰ্তি বাছ দুৰ্ঘটনাগ্ৰস্ত; ১০গৰাকীৰ মৃত্যু, আহত ৩৩গৰাকী

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ তিৰয়াথ গাঁৱৰ সমীপত কালি সন্ধিয়া সংঘটিত সন্ত্রাসবাদী আক্ৰমণত তীর্থযাত্রী কঢ়িওৱা এখন বাছ খাৱৈত বাগৰি পৰাৰ ফলত ১০জন তীর্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৩৩জন আহত হয়। বাছখন শিৱ খ’ৰি পৱিত্ৰ গুহা দৰ্শন কৰি কাট্টা অভিমুখে গৈ আছিল। ৰিয়েছিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহিত শৰ্মাই কৈছে যে, বাছখনৰ চালকজনৰ গাত গুলী লগাৰ ফলত বাছখন নিয়ন্ত্রণহীন হৈ পৰে। আহত লোকসকলক তিৰয়াথ, ৰিয়েছি আৰু জম্মুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে লেফটেনেণ...