May 29, 2024 7:35 PM

views 18

টেলি-মানস হেল্পলাইনত বৰ্তমানলৈকে ১০ লাখৰো অধিক ফোন কল লাভ

ৰাষ্ট্ৰীয় টেলিমানসিক স্বাস্থ্য কার্যসূচী টেলি-মানস হেল্পলাইন মুকলি কৰাৰে পৰা বৰ্তমানলৈকে এই হেল্পলাইনযোগে ১০ লাখৰো অধিক ফোন কল লাভ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ ৰাষ্ট্ৰতে মানসিক স্বাস্থ্য সেৱা বৃদ্ধিৰ উদ্দেশ্যে ২০২২ চনৰ অক্টোবৰত এই হেল্পলাইন মুকলি কৰা হৈছিল। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই কাৰ্যসূচীৰ অধীনত এতিয়ালৈকে ৫১ টা টেলি-মানস কোষ স্থাপন কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কৈছে যে, এই হেল্পলাইনৰ জৰিয়তে ২০২২ চনৰ ডিচেম্বৰৰ পৰা ২০২৪ ৰ মে'লৈ ৯০ হাজাৰৰো অধিক ...