May 22, 2024 6:52 PM

views 58

ইজৰাইলক গাজা অভিমুখে চিকিৎসা সামগ্রী যোগানৰ অৱৰোধ প্ৰত্যাহাৰৰ আহ্বান বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰছ এধানম ঘেব্ৰেয়েছছৰ

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মুৰব্বী টেড্ৰছ এধানম ঘেব্ৰেয়েছছে গাজা অভিমুখে চিকিৎসা সামগ্রী যোগানৰ অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ ইজৰাইলক আহ্বান জনাইছে। যুদ্ধবিধ্বস্ত এলেকাটোত প্রায় ৭০০ গৰাকী গুৰুতৰভাৱে অসুস্থ ৰোগী আৱদ্ধ হৈ থকা বুলি প্ৰকাশ কৰি তেওঁ এইদৰে আহ্বান জনায়। জেনেভাত এখন সংবাদমেলত অংশগ্ৰহণ কৰি WHOৰ মুৰব্বীগৰাকীয়ে কয় যে, ইজিপ্তৰ পৰা গাজা অভিমুখে যোৱা পথটো বিগত ২ সপ্তাহ ধৰি বন্ধ হৈ থকাৰ ফলত গাজালৈ স্বাস্থ্য সামগ্ৰীৰ জৰুৰী যোগান সমূলি ব্যাহত হৈ পৰিছে। গাজাৰ আশে-পাশে থকা চিকিৎসালয়সমূহে ৰোগীৰ ...