September 10, 2024 9:01 PM

views 13

দিছপুৰৰ লোক নির্মাণ বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত শিক্ষক দিৱসত কামৰূপ মহানগৰ জিলাৰ ৭গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা

কামৰূপ মহানগৰ জিলাত বিশেষ কাৰণত স্থগিত ৰখা শিক্ষক দিৱসৰ কাৰ্যসূচী আজি দিছপুৰৰ লোক নির্মাণ বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলাখনৰ সাতগৰাকী কৃতী শিক্ষকক এই অনুষ্ঠানত গামোচা, মানপত্ৰ আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয়, লগতে গুণোৎসৱত ভাল ফলাফল প্ৰদৰ্শন কৰা শিক্ষাখণ্ড সমূহকো প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত জিলাখনৰ ভালে সংখ্যক শিক্ষক শিক্ষয়িত্রী উপস্থিত থাকে।