September 5, 2024 6:30 PM September 5, 2024 6:30 PM
3
সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি শিক্ষক দিৱস পালন
শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি আজি শিক্ষক দিৱস পালন কৰা হৈছে। দেশত ১৯৬২ চনৰ ৫ ছেপ্তেম্বৰত প্ৰথম শিক্ষক দিৱস অনুষ্ঠিত হৈছিল আৰু ১৯৭২ চনৰে পৰা চৰকাৰীভাৱে এই দিৱস পালন কৰি অহা হৈছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ উপস্থিতিত আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত দেশৰ বিভিন্ন প্ৰান্তৰ ৮২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ২০২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰদান কার্যসূচী অনুষ্ঠিত হয়। দেশৰ আন বিভিন্ন অংশৰ লগতে অসমতো আ...