September 5, 2025 8:44 PM

views 32

NAAC-ৰ মূল্যায়ণত এ-গ্রেড লাভ কৰা ৬খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা

প্রসিদ্ধ শিক্ষাবিদ, দার্শনিক তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক কৃতী শিক্ষক বঁটাৰে সন্মানিত কৰে। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ, NAAC-ৰ মূল্যায়ণত এ-গ্রেড লাভ কৰা ৬খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা জনোৱা ...

September 5, 2025 6:30 PM

views 20

সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন

সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। মৰিগাওঁ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়। মৰিগাওঁ মজলীয়া বিদ্যালয় আৰু মৰিসুঁতি টোপ নতুন প্রাথমিক বিদ্যালয়ে এই বঁটা লাভ কৰে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শ‍ইকীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে। গোৱালপাৰা চহৰত নটসূৰ্য্য ফণী শৰ্মা ভৱনত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা বাচনি কৰা ২৪ গৰাকী শি...

September 5, 2025 11:57 AM

views 24

সমগ্ৰ দেশত আজি শিক্ষক দিৱস উদযাপন

সমগ্ৰ দেশত আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। শিক্ষাবিদ, দাৰ্শনিক তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সর্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্ৰদান কৰিব। নিজৰ সমৰ্পণ আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে শিক্ষাৰ মান উন্নত কৰা আৰু শিক্ষাৰ্থীসকলৰ জীৱনত গভীৰ প্ৰভাৱ পেলোৱা শিক্ষক- শিক্ষয়িত্ৰীসকলৰ স্বীকৃতি স্বৰূপে এই বার্ষিক বঁটা প্ৰদান কৰা হয়। এইবাৰ দেশৰ মুঠ...

September 4, 2025 3:48 PM

views 26

সমগ্ৰ দেশতে কাইলৈ ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হ’ব

■ সমগ্ৰ দেশতে কাইলৈ ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হ'ব। শিক্ষক, দার্শনিক তথা অক্সফোর্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো দেশজুৰি শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। ৰাধাকৃষ্ণণে দেশৰ শিক্ষাখণ্ডত ৰূপান্তৰকাৰী সংস্কাৰ সাধন কৰিছিল। তেওঁৰ জন্মদিনৰ লগত সংগতি ৰাখি শিক্ষক হিচাপে অনবদ্য সেৱা আগবঢ়োৱা দেশৰ মুঠ ৪৫গৰাকী শিক্ষকক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ বঁটাৰে সন্মানিত কৰিব।