June 29, 2024 8:50 PM

views 21

শিক্ষক-কর্মচাৰীক অৱসৰকালীন লাভালাভ প্ৰদানৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে শিক্ষক-কর্মচাৰীক অৱসৰকালীন লাভালাভ প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পৰিদৰ্শকৰ কাৰ্যালয়ে আজি পাণবজাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত জিলাখনৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ পৰা কাইলৈ অৱসৰ ল'বলগীয়া চাৰিগৰাকী শিক্ষকক অৱসৰৰ এদিন পূর্বেই পেন্সন সম্পৰ্কীয় নথিপত্ৰসমূহ প্ৰদান কৰে। অনুষ্ঠানত পৰিদৰ্শকগৰাকীয়ে অৱসৰ গ্ৰহণ কৰিবলগীয়া শিক্ষককৰ্মচাৰীসকলৰ পেন্সনৰ সৈতে জড়িত সকলো তথ্যপাতি দুমাহৰ আগতে জমা দিবলৈ আহ্বান জনায়।