May 27, 2024 12:11 PM
22
অহা ২ জুনৰ পৰা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ কাৰ্যসূচী
অহা ১ জুনৰ পৰা বটলিফ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা কেঁচাপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ শ শ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বটলিফ ফেক্টৰীসমূহে এই সিদ্ধান্ত প্রত্যাহাৰ নকৰিলে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অহা ২ জুনৰ পৰা প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিছে। ইফালে ৰাজ্যৰ সকলো ক্ষুদ্ৰ চাহ খেতিয়ককে উন্নতমানৰ কেঁচাপাত উৎপাদনৰ বাবে শস্য সুৰক্ষা বিধি পালন কৰিবলৈ আহ্বান জনাই সন্থাৰ তৰফৰ পৰা কালি তিতাবৰ, টীয়ক মৰিয়নি আদিকে ধৰি বিভিন্ন স...