September 6, 2025 7:36 PM

views 15

কেঁচা চাহপাতৰ মান আৰু মূল্যৰ সৈতে জড়িত বিষয় আলোচনাৰ বাবে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা

কেঁচা চাহপাতৰ মান আৰু মূল্যৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনাৰ বাবে আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত Dibrugarh District Green Leaf Price monitoring Committee ৰ এখন সভা অনুষ্ঠিত হয়। চাহ বোৰ্ডৰ উদ্যোগত অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সহকাৰী আয়ুক্ত, জিলা কৃষি বিষয়া, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্রতিনিধি, আবিতাৰ প্ৰতিনিধি আদিকে ধৰি অসমৰ চাহৰ লগত জড়িত কেইবাটাও সংস্থাৰ প্ৰতিনিধিসকলে অংশ লয়।