January 22, 2025 12:31 PM

views 13

ৰাজ্যৰ ৩৫৪খন চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি

অসমৰ চাহ বাগিচা অঞ্চলত স্বাস্থ্যসেৱাৰ উন্নয়নৰ বাবে আজি ৩৫৪ খন চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই চাহ বাগিচাৰ কৰ্তৃপক্ষৰ সৈতে আজি বিয়লি দিছপুৰত এই চুক্তি স্বাক্ষৰ কৰিব। এই স্বাস্থ্য প্রতিষ্ঠানসমূহত পর্যাপ্ত ঔষধ, ৰোগ চিনাক্তকৰণৰ সা-সুবিধাৰ লগতে অন্যান্য প্রয়োজনীয় ব্যৱস্থাসমূহ ৰখা হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত সামুহিক স্বাস্থ্...