June 29, 2024 8:46 PM

views 44

চাহপাতৰ গুণগত মান পৰীক্ষা কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰথমখন ভ্রাম্যমাণ পৰীক্ষণ বাহন মুকলি

চাহপাতৰ গুণগত মান পৰীক্ষা কৰিবলৈ ৰাজ্য চৰকাৰৰ উদ্যোগত আজি প্ৰথমখন ভ্রাম্যমাণ পৰীক্ষণ বাহন মুকলি কৰা হয়। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই চৰাইদেও জিলাৰ মধুৰাপুৰ চাহ বাগিচাত এই পৰীক্ষণ বাহন আনুষ্ঠানিকভাৱে মুকলি কৰে। কৃষি বিভাগৰ তৰফৰ জনোৱা মতে এই বাহনখনে কৃষকক কেইবাটাও দিশত লাভৱান্বিত কৰিব। এই পৰীক্ষণৰ সুবিধাই ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া বিধি ১০০ শতাংশ মানি চলাটো নিশ্চিত কৰিব। দ্বিতীয়তে সেউজীয়া চাহপাত আৰু প্ৰস্তুত কৰা চাহৰ উচিত মূল্য ...