December 3, 2025 12:32 PM

views 14

দেশত যক্ষ্মা ৰোগত মৃত্যু হোৱাৰ লোকৰ হাৰ ২০১৫ চনত প্ৰতি ১ লাখত ২৮ জনৰ পৰা ২০২৪ চনত প্ৰতি লাখত ২১ জনলৈ হ্ৰাস পাইছে

ভাৰতত যক্ষ্মা ৰোগত মৃত্যু হোৱাৰ লোকৰ হাৰ ২০১৫ চনত প্ৰতি ১ লাখত ২৮ জনৰ পৰা ২০২৪ চনত প্ৰতি লাখত ২১ জনলৈ হ্ৰাস পাইছে বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই প্ৰকাশ কৰিছে। টি বি মুক্ত ভাৰত অভিযানৰ বিষয়ে নতুন দিল্লীত সদনৰ সম্প্ৰসাৰিত ভৱনৰ সভাগৃহত অনুষ্ঠিত বৈঠকত সাংসদসকলক উদ্দেশ্যি দিয়া এটা ভাষণত শ্ৰীনাড্ডাই যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সাংসদসকলে আগবঢ়োৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়েও উল্লেখ কৰে। তেওঁ সাংসদসকলক তেওঁলোকৰ সংশ্লিষ্ট সমষ্টিসমূহত এই অভিযানৰ অগ্ৰগতি নিৰীক্ষণ কৰ...