July 3, 2025 1:20 PM July 3, 2025 1:20 PM

views 2

ৰাজ্যত ৩৫২টা ভুৱা পঞ্জীয়নৰ জৰিয়তে এমাহতে ১,৪০০ কোটি টকাৰ কৰ ফাঁকি

ৰাজ্যত এমাহতে অসাধু ব্যৱসায়ীয়ে ১,৪০০ কোটি টকাৰ কৰ ফাঁকি দিছে। যোৱা মাহত ৩৫২টা ভুৱা পঞ্জীয়নৰ জৰিয়তে ব্যৱসায়ীসকলে কোনো সামগ্রী ক্রয়-বিক্রয় নকৰাকৈ এই বৃহৎ পৰিমাণৰ ধনৰাশি আত্মসাৎ কৰে। ৰাজ্যৰ যুটীয়া কৰ আয়ুক্ত অৰুণিমা চৌধুৰীয়ে কালি এখন সংবাদমেলযোগে কয়, যে ভুৱা পঞ্জীয়ন কৰা ৪৩ জন ব্যৱসায়ীক যোৱা এমাহত চিনাক্ত কৰা হৈছে। তেওঁলোকে প্রায় ১২০০ কোটি টকা বহিঃৰাজ্যলৈ স্থানান্তৰ কৰিছে, যাৰ ফলত কেৱল অসমৰে নহয়, আন ৰাজ্যসমূহৰো লোকচান হৈছে। যুটীয়া কৰ আয়ুক্তগৰাকীয়ে লগতে কয়, যে যোৱা মাহত ৪৩টা অবৈধ স্...