November 8, 2025 12:24 PM

views 41

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

দুদিনীয়া ভ্ৰমণসূচীৰ প্ৰথম দিনা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি আবেলি জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি প্ৰকল্পটোৰ কাম-কাজৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক দৃশ্যপট সলনি কৰিবলৈ অগ্ৰসৰ হোৱা জাগীৰোডৰ এই প্ৰকল্প পৰিদৰ্শন কৰি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। উদ্যোগিক ক্ষেত্ৰক নতুন ৰূপ দানেৰে সমগ্ৰ অঞ্চলটোত নিয়োগৰ সুযোগ সৃষ্টি কৰিব পৰা এই প্ৰকল্পটো অসমত স্থাপন কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক...