June 13, 2025 12:39 PM

views 7

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ টাটা গোটৰ ১ কোটি টকাকৈ সাহায্য ঘোষণা

টাটা গোটৰ অধ্যক্ষ এম চন্দ্ৰশেখৰণে আহমেদাবাদৰ শোকাৱহ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ কোম্পানীয়ে ১ কোটি টকাকৈ সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে। তেওঁ লগতে টাটা গোটে এই দুৰ্ঘটনাত আহত হোৱা লোকসকলৰ চিকিৎসা ব্যয় বহন কৰিব আৰু তেওঁলোকে যাতে পূৰ্ণ পৰিচৰ্যা লাভ কৰে সেয়া সুনিশ্চিত কৰিব। টাটা গোটে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বি জে চিকিৎসা মহাবিদ্যালয়ত এটা নতুন হোষ্টেল নির্মাণত সহায় কৰিব বুলি প্ৰকাশ কৰিছে।