October 28, 2024 7:27 PM

views 27

গুজৰাটৰ বাডোদ্ৰাত চি-২৯৫ সামৰিক বিমানৰ টাটা এয়াক্রাফ্‌ট কমপ্লেক্স মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্রী পেড়ো ছানচেজে আজি যুটীয়াভাৱে গুজৰাটৰ বাডোদ্ৰাত চি-২৯৫ সামৰিক বিমানৰ বাবে টাটা এয়াক্রাফ্‌ট কমপ্লেক্স মুকলি কৰে। এয়া হৈছে ভাৰতৰ সামৰিক বিমানৰ বাবে প্ৰথমটো ব্যক্তিগত খণ্ডৰ ফাইনেল এছেম্বলি লাইন। এই কার্যসূচীত টাটাৰ উপৰি ভাৰত ইলেকট্রনিকছ লিমিটেড আৰু ভাৰত ডায়নেমিকছ লিমিটেডৰ দৰে প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ অগ্ৰণী গোটসমূহৰ লগতে ব্যক্তিগত ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগসমূহেও অৰিহণা যোগাইছে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদ...