April 8, 2025 8:33 PM

views 6

সংগীত শিল্পী তৰালি শৰ্মালৈ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ‘বৰপেটা বঁটা’

বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই এইবাৰ বৰপেটা বঁটা ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত শিল্পী তৰালি শৰ্মাক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই পহিলা ব'হাগত উদযাপন কৰিবলগীয়া ৰঙালী বিহুৰ অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰিব। আজি বৰপেটাত অনুষ্ঠিত এখন সংবাদমেলত আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অবিনাশ কুমাৰে এই কথা প্ৰকাশ কৰে।