January 18, 2025 8:34 PM

views 35

ভাৰত-ভূটান সীমান্তৰ দৰঙা মেলাত তামুলপুৰ আৰক্ষীৰ অবৈধ পেট্ৰল ভর্তি বাহন জব্দ

তামুলপুৰ আৰক্ষীয়ে অভিযান চলাই ভাৰত-ভূটান সীমান্তৰ দৰঙা মেলাত অবৈধ পেট্ৰল ভর্তি সাতখন বাহন জব্দ কৰাৰ লগতে ৬ গৰাকী লোকক আটক কৰিছে। প্ৰতিখন বাহনতে অতিৰিক্ত তেলৰ টেংকী সংযোগ কৰি লৈ ৬০০ লিটাৰৰো অধিক পেট্ৰ'ল ভূটানৰ পৰা আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে, ভাৰত-ভূটান সীমান্তত একাংশ তেল মাফিয়াই ভূটানৰ পৰা অবৈধভাৱে ক্ৰয় কৰি আনি তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি চৰকাৰৰ ৰাজহ সংগ্ৰহত বৃহৎ ক্ষতি কৰি আহিছে। তামুলপুৰ আৰক্ষীয়ে এই ক্ষেত্ৰত অধিক গুৰুত্ব দি তেল মাফিয়াৰ চক্ৰটো উৎখাত কৰি...

January 9, 2025 8:33 PM

views 17

অসম ৰাজ্যিক মহাকাশ প্রয়োগ কেন্দ্ৰৰ উদ্যোগত মহাকাশ প্রযুক্তি আৰু ভূ-স্থানীক উত্তৰণ বিষয়ক কর্মশালা অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনৰ অসম ৰাজ্যিক মহাকাশ প্রয়োগ কেন্দ্ৰৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াসকলৰ মাজত মহাকাশ প্রযুক্তি আৰু ভূ-স্থানীক উত্তৰণ বিষয়ক এখন কর্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত অংশগ্ৰহণ কৰি ৰাজ্যিক মহাকাশ প্রয়োগ কেন্দ্ৰৰ সঞ্চালক পি এল এন ৰাজুৱে মহাকাশ প্রযুক্তিৰ প্রয়োগেৰে তামুলপুৰক এখন আদর্শ জিলা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীৰাজুৱে মহাকাশ প্রযুক্তি আৰু ভূ-স্...

December 26, 2024 8:13 PM

views 24

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চাকৰি আৰু ঋণ মেলা অনুষ্ঠিত

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চাকৰি আৰু ঋণ মেলা অনুষ্ঠিত হয়। অনুষ্ঠানত স্থানীয় বিধায়ক, বি টি আৰৰ পৰিষদ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীকে ধৰি প্ৰশাসনৰ কেইবাজনো জ্যেষ্ঠ বিষয়াৰ লগতে কেইবাগৰাকীও উদ্যোগৰ লগত জড়িত ব্যক্তিৰ লগতে দুহেজাৰৰো অধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।

December 5, 2024 9:01 PM

views 24

তামুলপুৰত বনভোজৰ দলসমূহৰ ওপৰত জিলা দণ্ডাধীশৰ কেতবোৰ নিষেধাজ্ঞা

তামুলপুৰৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত জিলাখনত বনভোজৰ দলসমূহৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই অনুসৰি বনভোজৰ দলসমূহে পুৱা ৯ বজাৰ পূৰ্বে বনভোজস্থলীত উপস্থিত হ'ব নোৱাৰিব আৰু বিয়লি ৪ বজাৰ আগতে বনভোজস্থলী ত্যাগ কৰিব লাগিব। প্লাষ্টিক আৰু উচ্চ প্রাবল্যৰ শব্দযন্ত্ৰৰ ব্যৱহাৰৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে।

November 13, 2024 8:11 PM

views 22

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত পথ সুৰক্ষা সম্পৰ্কীয় কাৰ্যসূচী অনুষ্ঠিত

জনসাধাৰণৰ মাজত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে আজি তামুলপুৰ জিলাৰ মটঙা চ’কত জিলা পথ সুৰক্ষা সমিতি আৰু তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত এটা পথ সুৰক্ষা সম্পৰ্কীয় কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ দ্বাৰা দুচকীয়া বাহনৰ চালকসকলক হেলমেট পৰিধানৰ গুৰুত্বৰ বিষয়ে সজাগ কৰোৱা হয়। হেলমেট পৰিধান কৰা চালকসকলক জিলা প্ৰশাসনে একোটা ৰঙা গোলাপ ফুল আৰু কলম উপহাৰ দি ব্যতিক্রমী সজাগতা কার্যসূচী গ্ৰহণ কৰে। হেলমেট পৰিধান নকৰা চালকসকলক হেলমেট পৰিধান কৰাটো কিমান নিৰাপদ সেই বিষয়ে সজাগ কৰোৱাৰ উপৰি জৰিমনা বিহা হয়। এই...

November 13, 2024 6:18 PM

views 22

তামুলপুৰত জাৱৰ নিষ্কাশন আৰু স্বচ্ছতা সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত

তামুলপুৰৰ গোৰেশ্বৰ টাউন হ'লত আজি গোৰেশ্বৰ চহৰৰ জাৱৰ নিষ্কাশন আৰু স্বচ্ছতা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত তামুলপুৰ জিলাৰ আয়ুক্ত, জীৱ বিজ্ঞানী ডº অমৰজ্যোতি কাশ্যপ, গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে গোৰেশ্বৰ পৌৰসভাৰ সকলো কৰ্মচাৰী তথা গোৰেশ্বৰৰ জ্যেষ্ঠ নাগৰিকসকল উপস্থিত থাকে ৷

September 14, 2024 8:26 PM

views 30

বিটিআৰত আজি ওড়িয়া জনগোষ্ঠীৰ নুৱাখাই ৰংমহল ভৱনৰ আধাৰশিলা স্থাপন

তামুলপুৰৰ নাগ্ৰিজুলি চাহ বাগিচাত আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে ওড়িয়া জনগোষ্ঠীৰ নুৱাখাই ৰংমহল ভৱনৰ আধাৰশিলা স্থাপন কৰে। ওড়িয়া জনগোষ্ঠীয় কৃষ্টি চিহ্নৰে সজ্জিত হ'বলগীয়া ভৱনটোৰ নিৰ্মাণকাৰ্য শুভাৰম্ভণি অনুষ্ঠানত আজি শ্ৰীবড়োক জনগোষ্ঠীটোৰ পাৰম্পৰিক ৰীতি- নীতিৰে আদৰণি জনোৱা হয়। অনুষ্ঠানটোত ওড়িয়া জনগোষ্ঠীৰ পৰম্পৰা সংৰক্ষণৰ কাৰণে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে লোৱা এই পদক্ষেপৰ অসম ওড়িয়া যুৱ পৰিষদৰ নেতৃবৃন্দই শলাগ লয়।

July 22, 2024 7:36 PM

views 28

তামুলপুৰৰ আয়ুক্ত কাৰ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ আধাৰ কাৰ্ড পঞ্জীয়ন সম্পৰ্কত বৈঠক

তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আধাৰ কাৰ্ড পঞ্জীয়ন সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত এতিয়ালৈকে আধাৰ পঞ্জীয়নৰ পৰা বাদ পৰি থকা ৫ৰ পৰা ৭ বছৰ আৰু ১৫ৰ পৰা ১৭ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ নামসমূহ পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। অতিৰিক্ত জিলা আয়ুক্ত দীপাংকৰ নাথে শিক্ষাৰ্থীসকলৰ নামসমূহ শীঘ্ৰে জমা দিবলৈ শিক্ষা বিষয়াসকলক আহ্বান জনায়। তেওঁ কোনো ছাত্র-ছাত্রী যাতে, আধাৰ পঞ্জীয়নৰ পৰা বাদ পৰি নাযায়, সেই কথা লক্ষ্য ৰাখিবলৈ নি...

June 3, 2024 8:02 PM

views 24

অহা ২৫ আৰু ২৬ জুনত তামুলপুৰ জিলাত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অভিযান

তামুলপুৰ জিলাত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অভিযান অহা ২৫ আৰু ২৬ জুনত অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তই খণ্ড উন্নয়ন বিষয়া, চক্র বিষয়া, সমাজ কল্যাণ বিষয়া আদিক বিভিন্ন পর্যায়ত সমিতি গঠন কৰি অসুৰক্ষিত শিশু তথা পৰিয়ালসমূহক চিনাক্ত কৰিবলৈ আহ্বান জনায়। এই সম্পর্কে সকলো তথ্য অহা ২৫ আৰু ২৬ জুনত আয়োগৰ প্ৰতিনিধিৰ সন্মুখত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।