December 24, 2024 8:27 PM

views 14

তামুলপুৰত এমহীয়া চিলাই প্ৰশিক্ষণ পাঠ্যক্ৰম মুকলি

ৰঙিয়াৰ সীমা সশস্ত্ৰ বলৰ উদ্যোগত উত্তৰ-পূব নাগৰিক কল্যাণ কাৰ্যসূচীৰ অধীনত তামুলপুৰত আজি এটা এমহীয়া চিলাই প্ৰশিক্ষণ পাঠ্যক্ৰম মুকলি কৰা হয়। সীমান্ত অঞ্চলৰ ২৫ গৰাকী যুৱতী তথা মহিলাক বিভিন্ন প্ৰকাৰৰ চিলাইৰ প্ৰশিক্ষণ দিবলগীয়া এই কাৰ্যসূচী মুকলি কৰি এছ এছ বি ৰঙিয়াৰ উপ-কমাণ্ডেণ্ট বিশ্বনাথ মিশ্রই কয়, যে এই প্রশিক্ষণে ঘৰুৱা প্ৰয়োজন পূৰোৱাৰ লগতে মহিলাসকলক স্বাৱলম্বী কৰাত সহায় কৰিব। তেওঁ কয়, যে এছ এছ বিৰ ২৪ নম্বৰ বাহিনীয়ে নাগৰিকসকলক আর্থিকভাৱে সক্ষম কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ উজ্বল ভৱিষ্যতৰ বাবে প্...