August 20, 2024 11:40 AM

views 25

তামুলপুৰৰ ভিন্ন প্ৰান্তত ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বাম্বোল পিটা উৎসৱ পালন

ভাদ মাহৰ পবিত্ৰ পূৰ্ণিমা তিথিৰ সৈতে সংগতি ৰাখি তামুলপুৰৰ বিভিন্ন প্ৰান্তত কালি ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বাম্বোল পিটা উৎসৱ পালন কৰা হয়। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ টোটলা ৰাভাসকলে ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰাগত উৎসৱটো পালন কৰি আহিছে। নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহযোগিতাৰে আয়োজিত এই অনুষ্ঠানত স্থানীয় একাংশ জ্যেষ্ঠ নাগৰিকৰ লগতে বিটিআৰৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভায়ো অংশগ্ৰহণ কৰে।