April 10, 2024 10:38 AM

views 22

চেন্নাইত ৰোড শ্ব’ৰে দুদিনীয়া তামিলনাডু ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

দেশত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে দেশৰ বিভিন্ন প্ৰান্তত নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে নির্বাচনী সভা আৰু ৰোড শ্ব'ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি চেন্নাইত এটা ৰোড শ্বৰে দুদিনীয়া তামিলনাডু ভ্ৰমণ আৰম্ভ কৰে। তেওঁ এখন বিশেষ বিমানেৰে চেন্নাইত উপস্থিত হয় আৰু দক্ষিণ, উত্তৰ আৰু মধ্য চেন্নাই সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা বিজেপিৰ প্ৰাৰ্থীসকলৰ হকে ভোট বিচাৰে। ৰোড শ্ব'ত বিজ...