June 20, 2024 12:06 PM

views 21

তামিলনাডুৰ কল্লাকুৰুচিত বিষাক্ত সুৰা পানৰ ফলত ১৫জন লোকৰ মৃত্যু

তামিলনাডুৰ কল্লাকুৰুচিত তথাকথিতভাৱে বিষাক্ত সুৰা পান কৰাৰ ফলত ১৫জন লোকে প্রাণ হেৰুৱাইছে আৰু অন্য ১৫জনৰো অধিক লোক অসুস্থ হৈ পৰিছে। অসুস্থ লোককেইজনক কল্লাকুৰুচি আৰু ছলেম চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জিলাধিপতি শ্ৰৱণ কুমাৰ জাটৱথে কৈছে যে এতিয়ালৈকে মৃত্যুৰ কাৰণ নিশ্চিত কৰিব পৰা হোৱা নাই। তেওঁ কয় যে অধিকাংশ লোক মূৰ ঘূৰোৱা, পেটৰ বিষ আৰু চকু জ্বলা-পোৰা কৰাৰ সমস্যাত ভূগিছে। ১০জনৰো অধিক লোকক উন্নত চিকিৎসাৰ বাবে পুডুচেৰীৰ জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে...