December 1, 2025 12:13 PM

views 13

তামিলনাডুৰ শিৱগংগা জিলাৰ কুম্মানগুড়িত দুখন বাছৰ মুখামুখি সংঘৰ্ষত ১১ জন লোকৰ মৃত্যু

● তামিলনাডুৰ শিৱগংগা জিলাৰ কুম্মানগুড়িত কালি দুখন বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৪ জন লোক আহত হয়। ইয়াৰে এখন বাছ তিৰুপুৰৰ পৰা কাড়াইকুড়ি অভিমুখে গৈ আছিল আৰু আনখন ডিনডিগুল জিলাৰ পৰা কাড়াইকুড়ি অভিমুখে আহি আছিল। তিৰুপটুৰ এলেকাৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত সংঘটিত এই দুৰ্ঘটনাৰ পাছতে অঞ্চলটোৰ লোক আৰু সুস্থ অৱস্থাত থকা যাত্ৰীসকলৰ সহযোগত ভগ্ন বাছ দুখনৰ তলত আৱদ্ধ হৈ ৰোৱা ভালেসংখ্যক লোকক উদ্ধাৰ কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে এই পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ ...

June 29, 2024 6:37 PM

views 22

তামিলনাডুৰ ভিৰধুনগৰৰ চাট্টুৰৰ আতচবাজী কাৰখানাত বিস্ফোৰণ, ৪জন নিহত

তামিলনাডুৰ ভিৰধুনগৰৰ চাট্টুৰৰ এটা আতচবাজী কাৰখানাত হোৱা বিস্ফোৰণত ৪জন ব্যক্তি নিহত হৈছে। কাৰখানাটোত ৫০জন শ্রমিক আতচবাজী প্ৰস্তুতৰ কামত নিয়োজিত হৈ আছিল। জানিব পৰা মতে আতচবাজী প্ৰস্তুতৰ বাবে বিভিন্ন ৰাসায়নিক দ্রব্য সংমিশ্ৰণৰ সময়তে এই বিস্ফোৰণটো সংঘটিত হয়। কাৰখানাটোৰ মুঠ কোঠাৰ ৩টা কোঠা বিস্ফোৰণৰ ফলত সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয়। ধংসস্তূপৰ মাজত আৰু শ্ৰমিক আবদ্ধ হৈ থকাৰ কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই। কাৰখানাটোৰ অগ্নি নির্বাপণৰ বাবে চেষ্টা চলি আছে। সম্পূর্ণৰূপে অগ্নি নির্বাপণ হোৱাৰ পিছত ...